২০২৭ৰ বিশ্বকাপত দেখা পোৱা যাব নে ৰোহিত শৰ্মাক? পৰ্যালোচনা বৈঠকৰ পিছতে হ’ল সকলো স্পষ্ট

Published:

অন্ত পৰিব নেকি ৰোহিত শৰ্মাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ? শেহতীয়াকৈ প্ৰতিখন বাতিৰ কাকত, টেলিভিশ্যন, ছ’চিয়েল মিডিয়াত এই বিষয়টোক লৈ চলিছে তীব্ৰ চৰ্চা। ৰোহিতৰ কেৰিয়াৰক লৈ বনজুইৰ দৰে বিয়পি পৰা বিভিন্ন খবৰৰ মাজতে সকলোৱে অধীৰ আগ্ৰহেৰে চাই ৰৈছিল বৃহস্পতিবাৰে বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকলৈ।

মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ, চেণ্টাৰ অফ এক্সিলেন্সৰ প্ৰধান ভি ভি এছ লক্ষ্মণ, টেষ্ট আৰু এদিনীয়াৰ অধিনায়ক শুভমন গীল আৰু টি-২০ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ উপস্থিতিত অনুষ্ঠিত বৈঠকতে ৰোহিত শৰ্মাৰ কেৰিয়াৰ সন্দৰ্ভত শেষ সিদ্ধান্ত লোৱা হ’ব নেকি বুলি শংকিত হৈ থকা অনুৰাগীক সকাহ দিলে বিচিচিআইৰ সচিব দেৱজিত শইকীয়াৰ এটা মন্তব্যই।

পৰ্যালোচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কয়, ‘ৰোহিত শৰ্মাই ভাল খেলি আছে, উৰাবাতৰিক প্ৰশ্ৰয় নিদিব।’ খবৰ ওলাইছিল যে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাত ৰোহিত শৰ্মাই দলত স্থান লাভ নকৰিব। কিন্তু শইকীয়াৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিল যে ৰোহিত শৰ্মা এদিনীয়া দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য হৈয়ে থাকিব।

ইয়াৰ পূৰ্বে ইংলেণ্ড শৃংখলাৰ সময়তো ৰোহিতক লৈ বিভিন্ন খবৰ প্ৰকাশ পাইছিল যে নিৰ্বাচকে তেওঁক আগন্তুক এদিনীয়া বিশ্বকাপৰ দলত স্থান দিব বিচৰা নাই। তেতিয়াও বিচিচিআইয়ে খণ্ডন কৰিছিল এই খবৰ।

উল্লেখ্য যে, আজিৰ এই পৰ্যালোচনা বৈঠকৰ মূল এজেণ্ডাৰ ভিতৰত আছিল বাৰম্বাৰ খেলুৱৈসকলৰ আঘাতৰ বিষয়টো। এই সন্দৰ্ভত সচিব শইকীয়াই কয়, ‘খেলুৱৈসকলে বাৰম্বাৰ আঘাতৰ সন্মুখীন হোৱা বিষয়টো চিন্তনীয়, ইয়াৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব।’

POPULAR

RECENT ARTICLES

spot_img