‘মই জনাত ভাৰত এখন…’, CJPৰ প্ৰতিবাদক সমৰ্থন এইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ

Published:

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দিল্লীত ককৰোচ্চ জনতা পাৰ্টি (চিজেপি)য়ে সাব্যস্ত কৰিছে বিশাল প্ৰতিবাদ। প্ৰতিবাদক অবৈধ আখ্যা দি ইতিমধ্যে দিল্লী আৰক্ষীয়ে আটক কৰিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথী, চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে, আশুতোষ ৰাংকাকে ধৰি আন কেইবাজনো বিৰোধী ৰাজনৈতিক দলৰ শীৰ্ষ নেতাক।

যন্তৰ মন্তৰত সাব্যস্ত কৰিবলগীয়া এই প্ৰতিবাদ ৰোধৰ বাবে দিল্লীৰ ভিন্ন স্থানত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী। প্ৰতিবাদস্থলীত প্ৰৱেশ কৰিব নিদিয়াত আৰক্ষীৰে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰী। দিল্লী আৰক্ষীৰ বাধাৰ পিছতে চিজেপিৰ সমৰ্থনত ওলাই অহা হাজাৰ-হাজাৰ প্ৰতিবাদকাৰীয়ে দিল্লীৰ ঠায়ে ঠায়ে এতিয়া সাব্যস্ত কৰিছে প্ৰতিবাদ।

দিল্লী আৰক্ষীৰ এই কাৰ্যক বহুতে সমালোচনা কৰাৰ লগতে প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা জনপ্ৰিয় ধাৰাভাষ্যকাৰ সঞ্জয় মাঞ্জৰেকাৰ। প্ৰতিবাদৰ সমৰ্থনত সামাজিক মাধ্যমত এটা প’ষ্ট শ্বেয়াৰ কৰি প্ৰাক্তন ক্ৰিকেটাৰজনে কৈছে যে শান্তিপূৰ্ণ প্ৰতিবাদ এক গণতান্ত্ৰিক কাৰ্যকলাপ।

সঞ্জয় মঞ্জৰেকাৰে নিজৰ ‘এক্স’ একাউণ্টত পোষ্ট কৰি লিখিছে, ‘শান্তিপূৰ্ণ প্ৰতিবাদ এক গণতান্ত্ৰিক কাৰ্যকলাপ। মই জনাত ভাৰত এখন গণতান্ত্ৰিক দেশ।’

POPULAR

RECENT ARTICLES

spot_img