১০ বছৰৰ ভিতৰত ইতিহাস হ’ব কেন্সাৰ!Anthropic ৰ CEO ডাৰিঅ’ এম’ডেইৰ তাৎপর্যপূর্ণ ভৱিষ্যতবাণী ……..

Published:

এম’ডেইৰ মতে, ” কেৱল কেন্সাৰেই নহয়, এলঝেইমাৰ, হৃদৰোগ, মানসিক ৰোগো হ’ব অতীত ”

তেওঁৰ মতে, AI য়ে ঔষধ আৱিষ্কাৰ আৰু জৈৱিক গৱেষণাক বহুগুণে খৰতকীয়া কৰিব। যি কামত ৫০ বছৰ লাগিছিল, সেয়া এতিয়া ৫ বছৰতে হ’ব।এই কথাত সহমত জনাইছে ইলন মাস্ক আৰু গুগলৰ AI মুৰব্বী ডেমিছ হাছাবিছেও। হাছাবিছৰ মতে, AI য়ে ১০ বছৰৰ গৱেষণাক মাত্ৰ কেইসপ্তাহমানলৈ আনিব পাৰে। তেওঁলোকৰ উদাহৰণ — ২০ কোটিৰো অধিক প্ৰটিনৰ গঠন উলিওৱা আলফাফল্ড।

কিন্তু এই যুক্তি সকলোৱে মানি লোৱা নাই।

ভাৰ্টেক্স ফাৰ্মাৰ মুৰব্বী জেফ লেইডেনে আনকি এই দাবীক “সম্পূৰ্ণ ভুল” বুলিও কৈছে। ৫০ টা AI কোম্পানীয়ে ১০ হাজাৰ ঔষধৰ গৱেষণা চাইছিল, কিন্তু এটাও নিজে সম্পূৰ্ণ ঔষধ বনাব পৰা নাই AI য়ে।

২০২৬ চনলৈকে AI ৰে বনোৱা কোনো ঔষধে সম্পূৰ্ণ ক্লিনিকেল অনুমোদন পোৱা নাই।

গতিকে প্ৰশ্নটো হ’ল — এয়া সঁচাকৈয়ে চিকিৎসা বিজ্ঞানৰ নতুন যুগৰ আৰম্ভণি, নে মাত্ৰ এটা ডাঙৰ সপোন ! সেইয়া সময়ত হ’ব লক্ষ্যণীয় ।

POPULAR

RECENT ARTICLES

spot_img