দুলীয়াজানৰ কমলাবাৰী অঞ্চলত আজি সংঘটিত এক নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজা বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত একেটা পৰিয়ালৰে পিতৃ-মাতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই স্থানীয় ৰাইজক শোকস্তব্ধ কৰি তুলিছে।
নিহত লোককেইজন ক্ৰমে গৃহস্থ চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু তেওঁলোকৰ কন্যা নিহাৰিকা ভূঞা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, আজি বিয়লিৰ ভাগত নিজৰ ঘৰৰ ভিতৰতে এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হয়। ঘটনাৰ পাছতে বন্ধ ঘৰৰ ভিতৰৰ পৰা পৰিয়ালটোৰ তিনিওগৰাকী সদস্যক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
অৱশ্যে কোনে আৰু কি কাৰণত এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিলে, সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য উদ্ঘাটনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।


