ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ। ভ্ৰমণসূচীৰ অন্তিম দিনা অৰ্থাত ২৩ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী শ্বাহ।
উল্লেখ্য যে, নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ পিছত বালেন্দ্ৰ শ্বাহৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ। কেৱল এয়াই নহয় বালেন্দ্ৰ শ্বাহৰ এইটোৱে হ’ব প্ৰথম বিদেশ ভ্ৰমণ।
বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে এই ভ্ৰমণে চুবুৰীয়া দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে কেইবাটাও ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব।
দুদিনীয়া ভ্ৰমণৰ সময়ত বালেন্দ্ৰ শ্বাহে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো সাক্ষাত কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী মোদী আৰু বলেন্দ্ৰ শ্বাহৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হ’ব।
এই কাৰ্যসূচীত বাণিজ্য, পৰিবহণ, বিনিয়োগ, শক্তি, সংযোগ নেটৱৰ্ক আৰু আন্তঃগাঁথনি উন্নয়নৰ দৰে মূল ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। নেপালৰ বিদেশ সচিব অমৃত বাহাদুৰ ৰায়ে কয় যে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশে সংযোগ আৰু শক্তি সহযোগিতাৰ সৈতে জড়িত কেইবাটাও সম্পূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ সম্ভাৱনা আছে আৰু নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।
বিদেশ সচিব ৰায়ে লগতে জানিব দিয়ে যে বালেন্দ্ৰ শ্বাহে দেওবাৰে নেপাল এয়াৰলাইন্সৰ বিমানেৰে নতুন দিল্লীত উপস্থিত হ’ব। তেওঁৰ সৈতে আহিব বিত্ত মন্ত্ৰী স্বৰ্ণিম বাগলে, বিদেশ মন্ত্ৰী শিশিৰ খনাল, প্ৰধানমন্ত্ৰী মুখ্য উপদেষ্টা কুমাৰ ব্যঞ্জনকাৰৰ লগতে আন কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া।


