কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষক সংসদৰ দুয়োটা সদন পুনৰ অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে। এই প্ৰস্তাৱ অনুসৰি ২০২৬ চনৰ ৩০ নৱেম্বৰৰ পৰা লোকসভাৰ অধিৱেশন আৰম্ভ হ’ব, আৰু ২ ডিচেম্বৰৰ পৰা ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হ’ব। ৩ ডিচেম্বৰত দুয়োটা সদনৰ কাম-কাজ সামৰণি পৰাৰ সম্ভাৱনা আছে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে স্পষ্ট কৰি দিয়ে যে এইটো সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ কাৰ্য্যবিধিৰ অংশ। প্ৰয়োজনীয় চৰকাৰী কাম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে সংসদৰ বৰ্ধিত বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনোৱা হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰী ৰিজিজুৱে। অৱশ্যে এই সময়সূচী সদনৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰিব।
এই ঘোষণাৰ পিছতে কংগ্ৰেছে আগন্তুক সংসদীয় অধিৱেশনৰ বাবে নিজৰ কৌশল নিৰ্ধাৰণৰ বাবে শুকুৰবাৰে সন্ধিয়া ৪:৩০ বজাত দিল্লীত সংসদীয় সমিতিৰ বৈঠক আহ্বান কৰিছে। সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি এই বৈঠকত দলৰ স্থিতি আৰু আগন্তুক অধিৱেশনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হ’ব।
উল্লেখ্য যে, প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ (Delimitation) আৰু মহিলা সংৰক্ষণ বিধেয়কক লৈ চলি থকা চৰ্চাৰ মাজতে ৩০ নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব সংসদৰ বৰ্ধিত বৈঠক। সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকতো এই বিষয়ত আলোচনা কৰা হয় আৰু আগন্তুক সংসদীয় অধিৱেশনৰ বাবে মন্ত্ৰীসকলক প্ৰস্তুতি চলাবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।
মহিলা সংৰক্ষণৰ বিষয়টো সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে সংযোগ কৰা সংবিধান সংশোধনী বিধেয়কখনে চলিত বৰ্ষৰ ১৭ এপ্ৰিলত অনুষ্ঠিত বিশেষ অধিৱেশনত লোকসভাত গৃহীত হোৱাত ব্যৰ্থ হোৱাৰ লগতে প্ৰয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হৈছিল। বিধেয়কখন গৃহীত নোহোৱাৰ পিছৰে পৰা সমষ্টি পুননিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে।
এই প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে সংসদ আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে।
উল্লেখ্য যে বিগত ১৩ আগষ্টত লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছিল যদিও বৰ্ষাকালীন অধিৱেশন (Monsoon Session) এতিয়াও আনুষ্ঠানিকভাৱে সমাপ্ত কৰা হোৱা নাই। ইয়াৰ পূৰ্বে ২০০৮ চনত সৰ্বাধিক ৮৭ দিন পৰ্যন্ত সমাপ্ত হোৱা নাছিল অধিৱেশন। ইফালে চলিত বৰ্ষৰ বৰ্ষাকালীন অধিৱেশন অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ ৯৮ দিন সম্পূৰ্ণ কৰিলে। সেই দিশৰ পৰা এইবাৰ ২০০৮ চনৰ ৮৭ দিনীয়া অভিলেখ ভংগ হয়।


