অহা ৩০ আৰু ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাছনি পৰীক্ষা বা ট্ৰায়েলত অংশ ল’ব পাৰিব দেশৰ তাৰকা মল্লযুঁজাৰু ভিনেশ ফোগাটে। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বাহাল ৰাখি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ আবেদন সন্দৰ্ভত জাননী জাৰি কৰিছে। এতিয়া পৰৱৰ্তী শুনানি অহা ১ জুনত অনুষ্ঠিত হ’ব।
সৰ্বোচ্চ ন্যায়ালয়ে ভিনেশক ট্ৰায়েলত অংশ লোৱাৰ অনুমতি প্ৰদান কৰি কয়, ‘ট্ৰায়েল কাইলৈ অনুষ্ঠিত হ’ব, সেয়ে আপোনাক আমি বাধা দিব খোজা নাই। অৱশ্যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সন্দৰ্ভত আমাৰ কেইবাটাও প্ৰশ্ন আছে। সেইবোৰৰ উত্তৰ আপুনি দিব লাগিব।’
অৱশ্যে সৰ্বোচ্চ ন্য়ায়ালয়ে ভিনেশ ফোগাটৰ দাবী সন্দৰ্ভতো কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে। আদালতে কয় যে ভিনেশ ফোগাট কোনো সাধাৰণ এথলীট নহয়, তেওঁ বহু কৃতিত্ব অৰ্জন কৰিছে, কিন্তু দেশ প্ৰথম।
উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে ভিনেশ ফোগাটক এছিয়ান গেমছ ২০২৬ৰ বাছনি পৰীক্ষাত অংশ লোৱাৰ অনুমতি প্ৰদান কৰাৰ পিছতেই ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনে এই সিদ্ধান্তক সৰ্বোচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ বাহাল ৰাখে।
ভিনেশ ফোগাটৰ অধিবক্তাই সৰ্বোচ্চ ন্যায়ালয়ক অনুৰোধ কৰি কয়, ‘মই কেৱল ট্ৰায়েলত অংশ লোৱাৰ অনুমতি বিচাৰিছো। এবছৰৰ পূৰ্বে মাতৃ হোৱা এগৰাকী মহিলাই কেৱল আদালতক ট্ৰায়েলত অংশগ্ৰহণৰ অনুমতি দিবলৈ অনুৰোধ জনাইছে।’
এই আবেদনৰ উত্তৰত সৰ্বোচ্চ ন্যায়ালয়ে কয় যে ২০২৪ চনৰ ১৪ ডিচেম্বৰত আপুনি বিৰতি লৈছিল, তাৰ পিছত মাতৃ হৈছিল। আপুনি ডপিং পৰীক্ষাত অংশগ্ৰহণ কৰা নাছিল। আনকি আপুনি আপোনাৰ অৱস্থানৰ কোনো তথ্যও দিয়া নাছিল।’
ন্যায়াধীশে কয় যে আপুনি পিছত বিধানসভাৰ কাৰ্য্যবিধিত ব্যস্ত বুলি উল্লেখ কৰিছিল, কিন্তু আপোনাৰ স্পষ্টীকৰণ গ্ৰহণ কৰা হোৱা নাই।






