চৰকাৰী অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; জ্বলি চাৰখাৰ ৪০০০ EVM

তৃণমূল কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা দলীয় অন্তঃকলহৰ মাজতেই কলকাতাৰ পৰা আহিছে এটা ডাঙৰ খবৰ। কলকাতাৰ আলিপুৰদুৱাৰস্থিত এটা অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হয় ৪০০০ ইভিএম। অট্টালিকাটোত সংঘটিত অগ্নিকাণ্ডৰ এই ঘটনাত ইভিএম নষ্ট হোৱাৰ খবৰে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি দক্ষিণ কলকাতাৰ আলিপুৰ অঞ্চলত থকা এটা ৯ মহলীয়া অট্টালিকাত যোৱা বুধবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অট্টালিকাটোত আন আন বিভাগৰ লগতে দক্ষিণ পৰগনা জিলা পৰিষদৰ কাৰ্যালয়ো আছিল।

এই অগ্নিকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই পশ্চিম বংগ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী কৌশিক চৌধৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অগ্নিকাণ্ডত প্ৰায় ৪০০০ ইভিএম নষ্ট হৈছে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ১০টা সমষ্টিত এইসমূহ ইভিএম ব্যৱহাৰ কৰা হৈছিল।

মন্ত্ৰী চৌধৰীয়ে এটা নিউজ এজেন্সিৰ আগত দিয়া মন্তব্য অনুসৰি, এয়া সাধাৰণ অগ্নিকাণ্ড যেন নালাগে। অট্টালিকাত কোনো সা-সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰা হৈছে নেকি তাৰ তদন্ত কৰি থকা হৈছে। এতিয়ালৈকে এইটো স্পষ্ট হোৱা নাই যে অট্টালিকাটোৰ নৱম আৰু দশম মহলালৈ কেনেকৈ এই জুই সম্প্ৰসাৰিত হ’ল। প্ৰথমতে এই জুই দ্বিতীয় আৰু তৃতীয় মহলাতহে দেখা পোৱা গৈছিল। অধিক তথ্যৰ বাবে ফৰেন্সিকৰ প্ৰতিবেদনলৈ অপেক্ষা কৰি থকা হৈছে।

উল্লেখ্য যে, কোনো এখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ৪৫দিনলৈকে ইভিএমসমূহ কঠোৰ নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰুমত ৰাখিব লাগে। অৱশ্যে যদিহে নিৰ্বাচনী ফলাফলক লৈ কোনোৱে ন্যায়ালয়ৰ দ্বাৰস্থ হয় তেন্তে সেই গোচৰটো নিষ্পত্তি নোহোৱা পৰ্যন্ত ইভিএমবোৰ একেই নিৰাপত্তাৰ মাজত ৰাখিব লাগে।

এতিয়া প্ৰশ্ন হ’ল পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল চাৰি মে’ত। অৰ্থাত বিধিগত ভাৱে EVM সংৰক্ষণ কৰি ৰখাৰ সময় এতিয়াও ছয় দিন বাকী আছে। একেদৰে নিৰ্বাচনী ফলাফলত অসন্তুষ্টি প্ৰকাশ কৰি পৰাজিত প্ৰাৰ্থীয়ে দিয়া গোচৰো আদালতৰ বিচাৰধীন। ঠিক তেনে সময়তে পশ্চিমবংগ নিৰ্বাচনত ব্যৱহৃত বহু হাজাৰ EVM সংৰক্ষণ কৰি থোৱা ষ্ট্ৰং ৰুমত জুই লাগি ধ্বংস হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...