আমেৰিকা-ইৰাণৰ শান্তি চুক্তিত উৎফুল্লিত ভাৰত, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে- ‘মই এই চুক্তিক…’

আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিক আদৰণি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই চুক্তিৰ জৰিয়তে মধ্য প্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বত শান্তি আৰু স্থিৰতা আহিব বুলি আশা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই সংঘৰ্ষৰ বাবে সমগ্ৰ বিশ্বই আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে বহু দেশৰ বিভিন্ন সা-সামগ্ৰী লোকচান হৈছিল। তেওঁ লগতে দুয়োখন দেশৰ মাজত হ’বলগীয়া আলোচনাৰ জৰিয়তে এটা স্থায়ী সমাধান ওলাব বুলিও আশা প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, ‘পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষৰ অন্ত পেলাবলৈ আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা চুক্তিক আদৰণি জনাইছো। এই উত্তেজনাৰ ফলত সমগ্ৰ বিশ্বই গুৰুতৰ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হোৱাৰ লগতে বহু দেশৰ সাধাৰণ নাগৰিকৰ প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি হৈছে।’

তেওঁ লগতে লিখিছে, ‘ভাৰতে আশা কৰিছে যে এই চুক্তি ৰূপায়ণে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব আৰু জাহাজ চলাচল আৰু বাণিজ্যৰ স্বাধীনতা নিশ্চিত কৰিব। আমি আলোচনাৰ জৰিয়তে বাকী থকা বিষয়সমূহৰ ওপৰত স্থায়ী চূড়ান্ত চুক্তিত উপনীত হ’ব পাৰিম বুলি আশা কৰিছো।’

ট্ৰাম্পে কৰিছিল শান্তি চুক্তিৰ ঘোষণা

দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথযোগে ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি হোৱাৰ কথা ঘোষণা কৰিছিল। শুকুৰবাৰে ছুইজাৰলেণ্ডত দুয়োখন দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হ’ব। আমেৰিকাৰ হৈ জেডি ভেন্স আৰু ইৰাণী পক্ষৰ হৈ আৰাঘচি আৰু গালিবফে চুক্তি স্বাক্ষৰ কাৰ্যসূচীত উপস্থিত থাকিব।

উল্লেখ্য যে, ৬০ দিনৰ যুদ্ধবিৰতিৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত চলিব কেইবালানি আলোচনা। এই সময়ছোৱাত ইৰাণৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা, ফ্ৰীজ কৰি থোৱা ধন মুকলি কৰা, পাৰমাণৱিক কাৰ্যসূচী আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...