পশ্চিম বংগৰ ৰাজ্যসভাৰ তিনিখন খালী আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। এই তিনিখন আসনৰ বাবে ২৪ জুলাইৰ ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটদান অনুষ্ঠিত হ’ব। ভোটদান অনুষ্ঠিত হোৱাৰ দিনাই অৰ্থাত সন্ধিয়া ৫ বজাত ফলাফল ঘোষণা কৰা হ’ব।
উল্লেখ্য যে, পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই তৃণমূল কংগ্ৰেছৰ তিনিগৰাকী সাংসদ ক্ৰমে সুস্মিতা দেব, ছুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ চিক বৰাইকে পদত্যাগ কৰিছিল। যাৰ বাবে খালী হৈ পৰিছিল এই তিনিখন আসন।
নিৰ্বাচন আয়োগে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৭ জুলাইত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে আৰম্ভ হয় নিৰ্বাচনী প্ৰক্ৰিয়া। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৪ জুলাই। ইয়াৰ এটা দিন পিছত অৰ্থাত ১৫ জুলাইত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৭ জুলাই।


