বৰপেটাত অনুষ্ঠিত হ’ব তৃতীয় বাৰ্ষিক ‘বৰপেটা সংগীত সমাৰোহ ২০২৭’। বৰপেটাস্থিত ‘একাডেমী অৱ খোল বাদ্য’ৰ উদ্যোগত অহা ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়াকৈ এই সংগীত সমাৰোহ আয়োজন কৰা হৈছে। এই সমাৰোহত কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণৰ বাবে সন্মতি প্ৰদান কৰা বুলি জনাইছে আয়োজক সমিতিয়ে।
এই সমাৰোহত অংশগ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তবলাবাদক পণ্ডিত অনিন্দ চেটাৰ্জী আৰু তেওঁৰ শিষ্য অনুব্ৰত চেটাৰ্জীয়ে। ইয়াৰ উপৰি প্ৰখ্যাত সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মাৰ শিষ্য বিশিষ্ট শিল্পী বিনয় দেশাই, তবলা বাদক অনুব্ৰত চেটাৰ্জীয়েও সংগীত সমাৰোহত অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে জানিবলৈ দিছে।
দুদিনীয়া এই অনুষ্ঠানত বিভিন্ন শাস্ত্ৰীয় আৰু লোকসংগীত তথা নৃত্যশৈলীৰ সমাহাৰ ঘটিব। অনুষ্ঠানত বিশিষ্ট কথক শিল্পী ৰূপাৰাণী দাস বৰাৰ কথক নৃত্য, সত্ৰীয়া শিল্পী অনিতা শৰ্মাৰ সত্ৰীয়া নৃত্য আৰু সংগীত নাটক একাডেমী বঁটা বিজয়ী গুনীন্দ্ৰ নাথ ওজাই বৰগীত অনুষ্ঠান পৰিৱেশন কৰা হ’ব।
ইয়াৰ লগতে ভূদেৱ দাসৰ সত্ৰীয়া নৃত্য, কবীন দাসৰ নেতৃত্বত হোলী গীত, হেমেন দাস আৰু গীতাঞ্জলি গায়নৰ লোকগীত, ৰাজীৱ লোচন সন্তৰ থিয় নাম আৰু অচ্যুত ওঝাৰ ঘোষা-কীৰ্ত্তনো সমাৰোহৰ অন্যতম আকৰ্ষণ হ’ব। আনহাতে, সংগীত নাটক একাডেমীৰ বিছমিল্লাহ বঁটাপ্ৰাপক মনোজ কুমাৰ দাসে খোলবাদনৰ অনুষ্ঠান পৰিৱেশন কৰিব।


