বিজেপিয়ে প্ৰকাশ কৰিলে OBC মৰ্চাৰ নতুন বিষয়ববীয়াৰ তালিকা; চাওক কোনে পালে ডাঙৰ দায়িত্ব

Published:

শনিবাৰে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ OBC (অ’বিচি) মৰ্চাৰ নতুন ৰাষ্ট্ৰীয় বিষয়ববীয়া আৰু কাৰ্যবাহী সদস্যৰ তালিকা প্ৰকাশ কৰে। দলটোৱে এক্স প্লেটফৰ্মত নিযুক্তিৰ তথ্যৰ লগতে বিষয়ববীয়া আৰু সদস্যৰ নাম শ্বেয়াৰ কৰে।

বিজেপিয়ে প্ৰকাশ কৰা আনুষ্ঠানিক তালিকা অনুসৰি দলটোৱে অ’বিচি মৰ্চাৰ বাবে ৰাষ্ট্ৰীয় উপ-সভাপতি, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় মন্ত্ৰী, ৰাষ্ট্ৰীয় কোষাধ্যক্ষ, ৰাষ্ট্ৰীয় কাৰ্যালয় মন্ত্ৰী, ৰাষ্ট্ৰীয় সমন্বয় মন্ত্ৰী, মিডিয়া সমন্বয়ক, ছ’চিয়েল মিডিয়া সমন্বয়ক, ছ’চিয়েল মিডিয়া সহঃসমন্বয়ক, নীতি আৰু গৱেষণা সমন্বয়ক, নীতি আৰু গৱেষণা সহঃসমন্বয়ক, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য, আৰু ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতি – বিশেষ আমন্ত্ৰিত পদত নিযুক্তি প্ৰদান কৰিছে।

বিজেপিৰ অ’বিচি মৰ্চাৰ বাবে মুঠ ৭ জন ৰাষ্ট্ৰীয় উপ-সভাপতি নিযুক্তি দিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। ইয়াৰ ভিতৰত অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ যোগেন মহন, ওড়িশাৰ পৰা মমতা মহন্ত, উত্তৰ প্ৰদেশৰ পৰা সংগম লাল গুপ্তা, মহাৰাষ্ট্ৰৰ পৰা বাবনৰাও ৰাওজী চৌধুৰী, দিল্লীৰ পৰা সত প্ৰকাশ ৰাণা, বিহাৰৰ পৰা ড০ অৰ্জুন সাহনী আৰু উত্তৰ প্ৰদেশৰ পৰা সংগীতা বলৱন্ত বিন্দক দায়িত্ব প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু ৰাষ্ট্ৰীয় মন্ত্ৰী হিচাপে নিযুক্তি

ইফালে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে দিল্লীৰ পৰা গজেন্দ্ৰ যাদৱ, কৰ্ণাটকৰ প্ৰমোদ মাধৱাৰাজ, ছত্তীশগড়ৰ ললিত চন্দ্ৰকাৰক নিযুক্তি দিয়া হৈছে।

তদুপৰি ৰাষ্ট্ৰীয় মন্ত্ৰী হিচাপে গুজৰাটৰ দশ্ৰথজী ঠাকোৰ, তামিলনাডুৰ টি বৰ্থাৰজন, ঝাৰখণ্ডৰ সঞ্জীৱ কুমাৰ (বাবলু ভগত), হাৰিয়ানাৰ সৰিতা জংগীড়, তেলেংগানাৰ কদগাঞ্চী ৰমেশ, মধ্যপ্ৰদেশৰ বৈভৱ পাৱাৰ, বিহাৰৰ ভীম কুমাৰ সাহুক নিযুক্তি প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় কোষাধ্যক্ষকে ধৰি আন আন পদ সমূহতো বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন নেতাক নিযুক্তি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে।

POPULAR

RECENT ARTICLES

spot_img