অভিষেক বেনাৰ্জীৰ অবৈধ অট্টালিকাত চলিল বুলড’জাৰ, ভাঙি পেলোৱা হ’ল পাঁচ মহলীয়া অট্টালিকা

Published:

বিপদে লগ এৰা নাই তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰ। এইবাৰ প্ৰশাসনে অভিষেক বেনাৰ্জীৰ সংসদীয় সমষ্টিত থকা তেওঁৰ কাৰ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

শনিবাৰে (১৮ জুলাই) অভিষেক বেনাৰ্জীৰ ‘অবৈধভাৱে নিৰ্মিত’ কাৰ্যালয়ত চলিল বুলড’জাৰ। প্ৰশাসনৰ লোকে অতি কম সময়ৰ ভিতৰতে তিনিখন বুলড’জাৰৰ সহায়ত অভিষেক বেনাৰ্জীয়ে নিৰ্মাণ কৰা পাঁচ মহলীয়া অট্টালিকাটো ভাঙি পেলায়।

উল্লেখ্য যে, উচ্ছেদস্থলীত বৃহৎ সংখ্যক স্থানীয় লোকৰ লগতে বিজেপি আৰু তৃণমূলৰ কৰ্মী উপস্থিত হোৱাত প্ৰশাসনে অতিৰিক্ত বাহিনী মোতায়েন কৰে। সম্প্ৰতি নিৰাপত্তা বজাই ৰখাৰ বাবে অঞ্চলটোত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

আমতলা-বাৰুইপুৰ ৰোডস্থিত অভিষেক বেনাৰ্জীৰ এই কাৰ্যালয়টো সম্পূৰ্ণৰূপে অবৈধ ঘোষণা কৰিছিল প্ৰশাসনে। জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি এই অট্টালিকাটো নিৰ্মাণৰ বাবে অভিষেক বেনাৰ্জীৰ ওচৰত নাছিল কোনো ধৰণৰ চৰকাৰী অনুমতি বা সঠিক নথিপত্ৰ।

এই সম্পৰ্কত প্ৰশাসনে এখন জাননী জাৰি কৰি অট্টালিকাটো সন্দৰ্ভত যাৱতীয় নথিপত্ৰ বিচাৰিছিল। কিন্তু অভিষেক বেনাৰ্জীয়ে এই জাননীৰ কোনো উত্তৰ প্ৰদান নকৰাত প্ৰশাসনে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য য়ে ডায়মণ্ড হাৰ্বাৰ সমষ্টিৰ পৰাই লোকসভালৈ নিৰ্বাচিত হৈছিল অভিষেক বেনাৰ্জী। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত তৃণমূলে শোচনীয় পৰাজয়বৰণ কৰাৰ পিছৰে পৰা কাৰ্যালয়টোত ওলমি আছিল তলা।

POPULAR

RECENT ARTICLES

spot_img