দেশৰ বিদ্যালয়সমূহত যৌন শিক্ষা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰ চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালত দাখিল কৰা শপতনামাত এই তথ্য পোহৰলৈ আহিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ সেউজ সংকেত লাভ কৰাৰ পিছতেই দেশজুৰি বিদ্যালয়সমূহত প্ৰযোজ্য হ’ব যৌন শিক্ষা।
সোমবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কিশোৰ-কিশোৰী (১৬ৰ পৰা ১৮ বছৰ বয়সৰ) মাজত সন্মতিসূচক প্ৰেমৰ সম্পৰ্ক আৰু POCSO আইনৰ অপব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰে। প্ৰায়ে দেখা যায় যে কিশোৰ-কিশোৰীসকলে অজ্ঞানতাৰ বাবে ঘৰৰ পৰা ওলাই যায় আৰু পিছত পিতৃ-মাতৃয়ে অপৰাধমূলক অভিযোগ উত্থাপন কৰে।
এই সমস্যাৰ সমাধান আৰু শিশুসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই গুৰুত্বপূৰ্ণ বিষয়টো বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলি আছে।
কেন্দ্ৰীয় চৰকাৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিয়ে এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগৰত্না আৰু আৰ মহাদেৱন বিচাৰপীঠৰ সন্মুখত উত্থাপন কৰিছিল।
শুনানিৰ সময়ত আদালতে কয় যে বহু ক্ষেত্ৰত ১৬ৰ পৰা ১৮ বছৰৰ ভিতৰৰ কিশোৰ-কিশোৰীসকলে সম্পৰ্কত লিপ্ত হৈ ঘৰৰ পৰা ওলাই যায়। তাৰ পিছত তেওঁলোকৰ পিতৃ-মাতৃয়ে সন্মানৰ নামত POCSO আইনৰ অধীনত গুৰুতৰ অপৰাধমূলক গোচৰ ৰুজু কৰে। ইয়াৰ ফলত শিশুসকলৰ ভৱিষ্যত নষ্ট হয়। এই গুৰুতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সমস্যাৰ সমাধান উলিওৱাৰ সিদ্ধান্ত লৈছে।
ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিবৰ নেতৃত্বত ২৬ জনীয়া সদস্যৰে গঠন কৰা পেনেলে বহু চিন্তা-চৰ্চাৰ অন্তত প্ৰতিবেদন প্ৰস্তুত কৰিছিল। শিশুসকলক সচেতন কৰাৰ লক্ষ্যৰে এই পেনেলখনে বিদ্যালয়ৰ পাঠ্যক্ৰমত যৌন শিক্ষা সংযোজনৰ প্ৰস্তাৱ আগবঢ়াইছে।
পেনেলখনে প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি নতুন ছিলেবাছ প্ৰস্তুত কৰাৰ দায়িত্ব প্ৰদান কৰিব NCERTক। নতুন শিক্ষা নীতিৰ অধীনত এই নতুন পৰিকল্পনা প্ৰযোজ্য হ’ব। প্ৰতিবেদনত এই বিষয়সমূহ শিশুসকলক প্ৰাথমিক বিদ্যালয়ৰ পৰাই, তেওঁলোকৰ বয়সৰ লগত খাপ খুৱাই শিকোৱাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ বাবে বিদ্যালয়সমূহত বিশেষজ্ঞ শিক্ষক নিযুক্তি দিয়াৰ কথাও উল্লেখ আছে।
সপ্তাহত দুবাৰকৈ ২০ মিনিটৰ বিশেষ ক্লাছ
বিদ্যালয়সমূহত সপ্তাহত কমেও দুবাৰকৈ যৌন শিক্ষাৰ ক্লাছ হ’ব লাগে।
এই শ্ৰেণীৰ সময়সীমা ২০ মিনিট নিৰ্ধাৰণ কৰা হৈছে, যাতে শিশুৱে কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ সহজে শিকিব পাৰে।
এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য হৈছে শিশুসকলক “ভাল স্পৰ্শ” আৰু “বেয়া স্পৰ্শ”ৰ লগতে বয়সৰ লগে লগে শৰীৰত হোৱা পৰিৱৰ্তনৰ বিষয়ে সচেতন কৰা। যদি শিশুৱে সঠিক বয়সত সঠিক তথ্য লাভ কৰে তেন্তে যৌন নিৰ্যাতনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰি আইনী বিবাদ আৰু অজ্ঞানতাৰ বাবে POCSOৰ অপব্যৱহাৰ ৰোধ কৰিব।


