পুনৰ বিপদত সাংসদ কংগনা; ছিমলাত দাখিল FIR

Published:

হিমাচল প্ৰদেশত বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰনৌতৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। ছিমলাত দাখিল কৰা এই এফআইআৰৰ পিছতে পুনৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ছোনিয়া গান্ধীৰ পৰিয়াল সন্দৰ্ভত বিতৰ্কিত আৰু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে কংগনা ৰনৌতৰ বিৰুদ্ধে।

শিমলা বাসিন্দা কেপ্তেইন অতুল শৰ্মাৰ এজাহাৰৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে। কংগনাৰ এই মন্তব্যই জনসম্প্ৰীতি আৰু মৰ্যাদাক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰীয়ে। হিমাচল আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬, ৩৫৩, আৰু ৩৫৬ ধাৰাত কংগনা ৰনৌতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

এফআইআৰৰ পিছতে হিমাচল আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিজেপি সাংসদ ৰনৌতৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা বুলি জানিব দিয়ে।

উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে কংগনা ৰনৌতে ছোনিয়া গান্ধীৰ ভাৰতীয় নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। গান্ধীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি তেওঁৰ বিবাহ আৰু ১৯৮৩ চনত ভাৰতীয় নাগৰিক হোৱাৰ সিদ্ধান্তৰ প্ৰসংগ টানি আনি প্ৰশ্ন উত্থাপন কৰিছিল। এটা ইনষ্টাগ্ৰাম প’ষ্টত তেওঁ ৰহস্যময় বিদেশী নাগৰিক ছোনিয়া গান্ধীৰ ৰাজনৈতিক উত্থানক লৈ প্ৰশ্ন উত্থাপন কৰে।

POPULAR

RECENT ARTICLES

spot_img