পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। প্ৰায় দুমাহ পুৰণি এটা আপত্তিজনক মন্তব্যৰ বাবে কলকাতা আৰক্ষীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কলকাতাত আয়োজিত এক বিৰোধ প্ৰদৰ্শনৰ সময়ত সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগ উত্থাপন হৈছিল মমতাৰ বিৰুদ্ধে।
মমতা বেনাৰ্জীৰ এই মন্তব্যৰ বাবে সমাজত বিষবাস্প বিয়পি পৰাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৯৬ (১), ৩৫১(২) আৰু ৩৫২ৰ অধীনত হেয়াৰ ষ্ট্ৰীট আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। খবৰ অনুসৰি, আৰক্ষীয়ে ‘জিৰ’ এজাহাৰ’ ৰুজু কৰি গোচৰটো হেয়াৰ ষ্ট্ৰীট আৰক্ষী থানালৈ স্থানান্তৰিত কৰে।
উল্লেখ্য যে, সেই সময়ত মমতা বেনাৰ্জীয়ে কৰা মন্তব্যক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মমতা বেনাৰ্জীৰ এই মন্তব্যক চিন্তনীয় আৰু অপমানজনক বুলি অভিহিত কৰিছিল।






