নেদাৰলেণ্ডছত চলি থকা হকী বিশ্বকাপৰ পুল ডিৰ এখন ৰোমাঞ্চকৰ মেচত পাকিস্তানক ৫-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে। ১৬ বছৰৰ অপেক্ষাৰ অন্তত দুয়োটা দলৰ মাজত হোৱা এই হাই ভল্টেজ মেচখনত আৰম্ভণিৰে পৰাই ভাৰতে আধিপত্য বিস্তাৰ কৰিছিল।
এই আকৰ্ষণীয় জয়ৰ জৰিয়তে ভাৰতে ৬ পইণ্ট লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে পাকিস্তান প্ৰতিযোগিতাখনৰ পৰা বিদায় লয়।
আজিৰ মেচখনৰ প্ৰথম কোৱাৰ্টাৰত ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত সিং (৫ মিনিট) আৰু অভিষেকে ১১ মিনিটত দিয়া গ’লেৰে ২-০ৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয় কোৱাৰ্টাৰত অধিক আকৰ্ষণীয় তথা ৰোমাঞ্চকৰ হয় মেচখন। দুয়ো পক্ষৰ পৰা দ্বিতীয়টো কোৱাৰ্টাৰত আহে দুটাকৈ গ’ল।
ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীতে ২১ মিনিট আৰু অভিষেকে ২৪ মিনিটত গ’ল দিয়ে। আনহাতে পাকিস্তানৰ হৈ হান্নাদ ছাহিদে ২২ মিনিটত আৰু ছুফিয়ান খানে ২৫ মিনিটত গ’ল দিয়ে। এইদৰে দ্বিতীয়টো কোৱাৰ্টাৰৰ অন্ত পৰে ৪-২ ব্যৱধানত।
৪-২ৰ অগ্ৰগতি লাভ কৰি ভাৰতে তৃতীয়টো কোৱাৰ্টাৰত পুনৰ এটা গ’ল কৰি ব্যৱধান ৫-২লৈ বৃদ্ধি কৰে। পেনাল্টী কৰ্ণাৰৰ সহায়ত মেচখনৰ ৩৫ মিনিটত হাৰ্দিক সিঙে পঞ্চমটো গ’ল প্ৰদান কৰে। অৱশ্যে মেচখনৰ অন্তিম তথা চতুৰ্থটো কোৱাৰ্টাৰৰ ৪৬ মিনিটত পাকিস্তানৰ হৈ ছাহিদ হান্নানে তৃতীয়টো গ’ল প্ৰদান কৰে। এইদৰে ভাৰতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ৫-৩ গ’লৰ ব্যৱধানত মেচখন জয়ী হৈ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।


