তিক্ততাপূৰ্ণ সম্পৰ্ক অৱসানৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু শ্বাহবাজ শ্বৰীফলৈ মুকলি পত্ৰ ১০০ৰো অধিক ব্যক্তিৰ

Published:

ভাৰত-পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা তিক্ততাপূৰ্ণ সম্পৰ্কৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফলৈ এখন বিশেষ দাবী সম্বলিত পত্ৰ লিখিছে দুয়োখন দেশৰ ১০০তকৈও অধিক প্ৰভাৱশালী ব্যক্তিয়ে। পত্ৰখনৰ জৰিয়তে দুয়োখন দেশৰ মাজত চলি থকা বাদ বিবাদৰ অন্ত পেলোৱা আৰু ভিছা সেৱা পুনৰ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰা হৈছে।

ইয়াৰ উপৰি বন্ধ হৈ থকা এয়াৰস্পেছ পুনৰ খুলি দিয়াৰ দৰে দাবীও উল্লেখ আছে এই পত্ৰখনত। ফাৰুক আব্দুল্লা আৰু মনোজ ঝাৰ দৰে ব্যক্তিসহ সৰ্বমুঠ ১১৭ গৰাকী ব্যক্তিয়ে এই পত্ৰখনত স্বাক্ষৰ কৰিছে।

চেণ্টাৰ ফৰ পিছ এণ্ড প্ৰোগ্ৰেছৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফক প্ৰদান কৰা এই মুকলি পত্ৰখনত ভাৰত আৰু পাকিস্তানৰ মাজত গাঁথনিগত আলোচনা, কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰ, জনসাধাৰণৰ যোগাযোগ পুনৰ আৰম্ভ কৰাৰ লগতে ধৰ্মীয় আৰু সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰসাৰৰ আহ্বান জনোৱা হৈছে।

এই পত্ৰখনত ভাৰতৰ হৈ ফাৰুক আব্দুল্লা, মীৰবাইজ উমৰ ফাৰুক, মেহবুবা মুফটি, মনোজ ঝা আৰু হুমায়ুন কবীৰসহ ৬১গৰাকী ব্যক্তিয়ে স্বাক্ষৰ কৰিছে। এইসকল লোকে ডিজিটেল মাধ্যমেৰে পত্ৰখনত স্বাক্ষৰ কৰিছে।

আনহাতে পাকিস্তানৰ তৰফৰ পৰা ৫৬ গৰাকী বিশেষ প্ৰভাৱশালী ব্যক্তিয়ে এই পত্ৰখনত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত আছে পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী খুৰছিদ মেহমুদ কছুৰি, প্ৰাক্তন কূটনৈতিক বিষয়া আশ্ৰফ জাহাংগীৰ কাজী, নেশ্যনেল এছেম্বলীৰ সদস্য ইছফনয়াৰ ভণ্ডাৰা আৰু পৰমাণু বৈজ্ঞানিক পাৰভেজ হদুভায়ৰ দৰে ব্যক্তি।

ভাৰত-পাক চৰকাৰলৈ কৰা দাবীসমূহ

  • দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত হওক আৰু পুনৰ আলোচনা আৰম্ভ হওক
  • দিল্লী আৰু ইছলামবাদত পুনৰ উচ্চায়ুক্ত নিযুক্তিৰ দাবী
  • ভাৰত আৰু পাকিস্তানৰ মাজত ভিছা সেৱা স্বাভাৱিক কৰা
  • দুয়োখন দেশৰ মাজৰ আকাশমাৰ্গ পুনৰ মুকলি কৰা
  • ধৰ্মীয় আৰু সাংস্কৃতিক আদান-প্ৰদানক উৎসাহিত কৰা
  • জম্মু-কাশ্মীৰ সন্দৰ্ভত পুনৰ আলোচনা
  • ২০০৪ আৰু ২০০৭ চনৰ বিস্তৃত আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰখা

POPULAR

RECENT ARTICLES

spot_img