আজি মহিলা এছিয়া কাপৰ ফাইনেল; ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত

Published:

২ বছৰ পূৰ্বেও মহিলা এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে মুখামুখি হৈছিল ভাৰত। সেই মেচত ভাৰত শ্ৰীলংকাৰ হাতত ধৰাশায়ী হৈছিল। আজি ১৩ ছেপ্টেম্বৰ দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত নিশা ৮ বজাত পুনৰ এছিয়া কাপৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। অৱশ্যে এইবাৰ ভাৰতীয় শিৱিৰ যথেষ্ট আত্মবিশ্বাসী বুলি মন্তব্য কৰিছে অধিনায়ক হৰমনপ্ৰীত কৌৰে।

ফাইনেলৰ পূৰ্বে হোৱা সংবাদমেলত অধিনায়ক হৰমনপ্ৰীতে কয়, ‘এখন গুৰুত্বপূৰ্ণ মেচ খেলাৰ পূৰ্বে নিজৰ শক্তি তথা দলীয় প্ৰদৰ্শনৰ ওপৰত আস্থা ৰাখিব লাগে। অত্যধিক বা অসাধাৰণ কৰাৰ কথা চিন্তা কৰাতকৈ নিজৰ ওপৰত আস্থা ৰখাটো বহুত বেছি গুৰুত্বপূৰ্ণ।’

অধিনায়ক হৰমনপ্ৰীতে লগতে কয়, ‘টি-২০ ক্ৰিকেটত যিকোনো এটা দিনত যি দলে সৰ্বোত্তম ক্ৰিকেট খেলে সেই দলেই জয়ী হ’ব। এটা দল আন এটা দলতকৈ অধিক শক্তিশালী বা দুৰ্বল বুলি ভবাৰ কোনো কাৰণ নাই।’

উল্লেখ্য যে মহিলা এছিয়া কাপৰ ছেমি ফাইনেলত ভাৰতীয় দলে বাংলাদেশক ৪০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ২০২৪ চনৰ হতাশাজনক প্ৰদৰ্শনক পাহৰি আজিৰ মেচখনত উন্নত প্ৰদৰ্শন আগবঢ়াই পুনৰ এবাৰ এছিয়া কাপৰ খিতাপ ভাৰতে দখল কৰিব বুলি আশা প্ৰকাশ কোটি-কোটি ক্ৰিকেট অনুৰাগীৰ।

POPULAR

RECENT ARTICLES

spot_img