দেশৰ এখন আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকতত নিৰ্বাচন আয়োগ সম্পৰ্কে প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনে দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। প্ৰতিবেদনত মূল অভিযুক্ত সজোৱা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিগত ১২ ঘণ্টাৰ ভিতৰত দাখিল কৰা হৈছে দুটাকৈ অভিযোগ।
প্ৰথমে উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তাই এটৰ্ণি জেনেৰেলক পত্ৰৰ জৰিয়তে মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে ক্ৰিমিনেল কণ্টেম্পটৰ গোচৰ আৰম্ভ কৰাৰ বাবে অনুমতি বিচাৰিছে। ইয়াৰ উপৰি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল সাংসদ মহুৱা মৈত্ৰইও মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে থানাৰ কাষ চাপিছে।
বৃহস্পতিবাৰে দুপৰীয়া পশ্চিম বংগৰ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই দিল্লীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। অভিযোগ দাখিলৰ পূৰ্বে সাংসদগৰাকীয়ে সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনৰ উদ্ধৃতিৰে মুখ্য নিৰ্বাচন আয়ুক্তক তীব্ৰ সমালোচনা কৰে আৰু শীঘ্ৰে পদত্যাগ কৰাৰ দাবী উত্থাপন কৰিছে।
সামাজিক মাধ্যমৰ জৰিয়তে জ্ঞানেশ কুমাৰক চোকা সমালোচনা কৰি মহুৱাই লিখিছে, ‘জ্ঞানেশ, তুমি চোৰ – এতিয়া যিহেতু এই কথা প্ৰমাণিত হ’ল, তেন্তে তুমি দেশবাসীৰ ওচৰত ক্ষমা খুজি পদত্যাগ নকৰা কিয়?’ আন এটা পোষ্টত মহুৱা মৈত্ৰই সকলো বিৰোধী দলকে (ককৰোচ্চ জনতা পাৰ্টিকে ধৰি) একত্ৰিত হৈ জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণ কৰাৰ দাবী জনাবলৈ আহ্বান জনায়।
সাংসদ মহুৱাই লগতে সকলো বিৰোধীক আহ্বান জনাই যে এতিয়া এইটোৱেই একমাত্ৰ এজেণ্ডা হ’ব লাগে, কাৰণ আমি আদালতক বিশ্বাস কৰিব নোৱাৰো।
ইফালে, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ব্ৰজেশ সিঙে এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিলৈ এখন পত্ৰ লিখি মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অপৰাধমূলক অৱজ্ঞাৰ গোচৰ আৰম্ভ কৰাৰ অনুমতি বিচাৰিছে। পত্ৰখনত নিৰ্বাচন আয়োগৰ স্বাধীনতা আৰু নিৰপেক্ষতাৰ বিষয়টো উত্থাপন কৰা হৈছে।


