পত্নীক EDয়ে চমন প্ৰেৰণ কৰাৰ পিছতেই মমতাৰ সংগ ত্যাগ মদন মিত্ৰৰ

Published:

পশ্চিম বংগৰ ৰাজনীতিৰ পৰা আহিছে এটা ডাঙৰ খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মদন মিত্ৰই মমতাৰ সংগ এৰি ঋতব্ৰত বেনাৰ্জী গোটত যোগদান কৰিছে। কংগ্ৰেছৰ সৈতে সম্পৰ্ক ত্যাগ কৰাৰ সময়ত মমতাৰ সৈতে আছিল মদন মিত্ৰ। অৱশ্যে এতিয়া তেওঁ তৃণমূলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে।

কামৰহাটীৰ বিধায়ক মিত্ৰই কয় যে মমতা বেনাৰ্জী নেতৃত্বাধীন সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সমিতিৰ পৰা পদত্যাগ কৰিছো। বিসম্বাদী শিবিৰৰ নেতাৰ সৈতে হোৱা আলোচনাৰ পিছত মিত্ৰই কয়, ‘মই কোঠা সলনি কৰিছো, ঘৰ নহয়। মই তৃণমূলতেই আছো।’

অভিষেক বেনাৰ্জীক সমালোচনাৰ লক্ষ্য কৰি তেওঁ পুনৰ কয়, ‘মই অভিষেক বেনাৰ্জীক পৰামৰ্শ দিছিলো যে তেওঁ ৬ মাহ বা এবছৰৰ বাবে আঁতৰি যাওক। মই তেওঁক কৈছিলো যে, আহক আমি দলটো শক্তিশালী কৰো, পিছত পুনৰ আহি নিজৰ পদবী গ্ৰহণ কৰিব, কিন্তু এই কথা মানিবলৈ তেওঁ অস্বীকাৰ কৰে।’

মিত্ৰই লগতে কয়, ‘দলটো সকলোৰে বাবে, তাৰ পিছতো এনেকুৱা লাগে যে এইটো কেৱল অভিষেক বেনাৰ্জীৰ তাতেই সীমাবদ্ধ থাকিল। মই মমতা বেনাৰ্জীক বিনম্ৰ নিবেদন কৰিছো যে আহক আমি ইয়াক মাৰাথনৰ দৰে চাও। কোনো ঠাইত আমি নিশ্চয় লগ হম। দেখা যাওক কোনটো ঘোৰা আগবাঢ়ি যায়। মই সকলো পদৰ পৰা পদত্যাগ কৰিছো।’

উল্লেখ্য যে, মমতা বেনাৰ্জী নেতৃত্বাধীন পূৰ্বৰ চৰকাৰৰ দিনত সংঘটিত হোৱা কোটি কোটি টকাৰ পৌৰসভাৰ চাকৰি কেলেংকাৰিৰ গোচৰত ইডিয়ে মদন মিত্ৰৰ পত্নী আৰু দুই পুত্ৰক জেৰাৰ বাবে চমন প্ৰেৰণ কৰিছে। এই চমনৰ পিছতেই মদন মিত্ৰই মমতাৰ সংগ ত্যাগ কৰা ঘটনাই দেশজুৰি লাভ কৰিছে ব্যাপক চৰ্চা।

POPULAR

RECENT ARTICLES

spot_img