নয়ডাৰ ছেক্টৰ-৬৬ (দিল্লী NCR)ৰ মামুৰা গাঁওস্থিত এটা আৱাসিক অট্টালিকাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে দুপৰীয়া সংঘটিত এই অগ্নিকাণ্ডত দুগৰাকী লোকৰ মৃত্যু হৈছে। এখন ইলেকট্ৰিক বাহনৰ পৰা এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। চাৰ্জ দি থকা সময়তে ইলেকট্ৰিক বাহনখনৰ পৰা সূত্ৰপাত ঘটা এই জুইয়ে ক্ষীপ্ৰতাৰে আৱৰি ধৰে কাষতে থকা আন আন বাহনসমূহ আৰু অট্টালিকাটো। এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত অট্টালিকাটোত বহু পৰিয়াল আৱদ্ধ হৈ পৰে।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাটো ফেজ-৩ আৰক্ষী থানাৰ অন্তৰ্গত। অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ লগে লগেই আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰকাৰী দলে অট্টালিকাটোত আৱদ্ধ ১০০ৰো অধিক লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। বহু লোক শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে আৰু দুজন লোকৰ মৃত্যু হৈছে।
ডিচিপি (চেণ্ট্ৰেল নয়ডা)য়ে জনোৱা মতে, এখন ইলেক্ট্ৰিক স্কুটাৰ চাৰ্জ হৈ থকাৰ সময়তে প্ৰথম মহলাত অগ্নিকাণ্ড সংঘটিত হয়। স্কুটাৰখনৰ পৰা সূত্ৰপাত ঘটা এই জুই ওচৰতে ৰখাই থোৱা আন বাহনসমূহলৈ দ্ৰুতগতিত বিয়পি পৰে। কিছু মিনিটৰ ভিতৰতে সমগ্ৰ অট্টালিকাটোত জুই আু ধোঁৱা বিয়পি ওপৰৰ মহলালৈ যোৱাত আতংকিত হৈ পৰে বাসিন্দাসকল।
উল্লেখ্য যে প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰি সকলো মহলাত উপস্থিত হৈ বাসিন্দাসকলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ অভিযানৰ সময়ত ধোঁৱাৰ ফলত ক্ষতিগ্ৰস্তসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়, আৰু গুৰুতৰভাৱে আহতসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীয়ে অট্টালিকাটোৰ পট্টাধাৰী আৰু অপাৰেটৰৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি জিম্মাত লৈছে। বিষয়াসকলে জনোৱা মতে, অট্টালিকাটোত সুৰক্ষাৰ নিয়ম মানি চলা হৈছিল নে নাই সেইটো নিৰ্ণয় কৰিবলৈ বিশদ তদন্ত চলি আছে। প্ৰশাসনে জানিবলৈ দিয়া মতে, ঘটনাৰ সঠিক কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে। ইয়াৰ উপৰিও ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং চেটআপত বা অট্টালিকাৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ত্ৰুটি হৈছিল নেকি সেইটোও পৰীক্ষা কৰা হ’ব। তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


