কোটি-কোটি MSD অনুৰাগীৰ বাবে আহিল বেয়া খবৰ। অন্ত পৰিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা মহান বেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ১৮ বছৰীয়া আই পি এল কেৰিয়াৰ। তেওঁ এতিয়াৰে পৰা দলটোৰ মেণ্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। চেন্নাই ছুপাৰ কিংছে সামাজিক মাধ্যমৰ জৰিয়তে ধোনীৰ অৱসৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
উল্লেখ্য যে, আগন্তুক আই পি এল ছিজনৰ বাবে প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে নিজৰ নিজৰ দলৰ খেলুৱৈৰ ৰিলিজ আৰু ৰিটেনশ্যন তালিকা প্ৰকাশ কৰাৰ আজি অন্তিম তাৰিখ আছিল। চেন্নাই দলে ৰিটেনশ্যন তালিকা প্ৰকাশ কৰাৰ পূৰ্বে এম এছ ধোনীৰ অৱসৰৰ কথা আৰু দলৰ মেণ্টৰ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰি অনুৰাগীক আশাহত কৰে।
স্মৰ্তব্য যে বিগত ছিজন অৰ্থাত ২০২৬ বৰ্ষত মহেন্দ্ৰ সিং ধোনীয়ে চেন্নাইৰ হৈ এখনো মেচত অংশ লোৱা নাছিল। আঘাতৰ বাবে মেচত অংশ ল’ব পৰা নাছিল যদিও তেওঁ সম্পূৰ্ণ ছিজনটো দলৰ সৈতে সংযুক্ত হৈ আছিল। চেন্নাই তথা ধোনীৰ অনুৰাগীয়ে আশা প্ৰকাশ কৰিছিল যে ২০২৭ বৰ্ষত প্ৰিয় খেলুৱৈগৰাকীক খেলপথাৰত দেখা পোৱা যাব কিন্তু সেই আশাও এতিয়া নিৰ্বাপিত হ’ল।

এম এছ ধোনীৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছে ৫টা আই পি এল খিতাপ দখল কৰে। ২০২৩ চনত অধিনায়ক হিচাপে অন্তিম ট্ৰফী লাভ কৰিছিল। তাৰ পিছত তেওঁ অধিনায়কত্ব ৰুতুৰাজ গাইকোৱাডৰ হাতত অৰ্পণ কৰে। চেন্নাইক আই পি এলৰ পৰা দুবছৰৰ বাবে নিষিদ্ধ কৰাৰ সময়ত ধোনীয়ে ৰাইজিং পুনে ছুপাৰজায়েণ্টছৰ হৈ খেলিছিল।
আই পি এলৰ কেৰিয়াৰত ধোনীয়ে ২৭৮খন মেচত অংশগ্ৰহণ কৰি ৩৮.৩ বেটিং গড় আৰু ১৩৭.৪৬ ষ্ট্ৰাইক ৰেটত ৫৪৩৯ ৰান সংগ্ৰহ কৰে। আই পি এলত ধোনীৰ নামত নাই এটা শতক। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৮৪। ধোনী আই পি এল ইতিহাসৰ সপ্তম সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ।


