দেশৰ অৰ্থনীতিৰ বাবে ভাল খবৰ। ৭.৮ শতাংশলৈ বৃদ্ধি পালে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (GDP)। এই অভাৱনীয় বৃদ্ধিৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মোদীয়ে দেশৰ প্ৰতিজন লোকক অভিনন্দন জনাই কয় যে ভাৰতে ৭.৮ শতাংশ উল্লেখযোগ্য বৃদ্ধিৰ হাৰ অৰ্জন কৰিছে, আৰু এই সাফল্যৰ বাবে সমগ্ৰ ৰাষ্ট্ৰই গৌৰৱ অনুভৱ কৰিছে।
এই সফলতা কোনো এজন ব্যক্তিৰ বাবে নহয়, বৰঞ্চ প্ৰতিজন নাগৰিকৰ প্ৰৱল ইচ্ছাশক্তি, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফল। আমাৰ সামূহিক শক্তিৰ প্ৰমাণ যে, অসংখ্য প্ৰত্যাহ্বানৰ মাজতো দেশখনে উন্নয়নৰ পথত আগবাঢ়িছে। এইদৰে ভিডিঅ’ বাৰ্তাটোত উল্লেখ কৰে মোদীয়ে।
বৈশ্বিক অস্থিৰতা আৰু যোগান শৃংখল (চাপ্লাই চেইন)ৰ সংকট
আজি সমগ্ৰ বিশ্বই ভয়ংকৰ যুদ্ধ আৰু অনিশ্চয়তাৰ মাজেৰে দিন পাৰ কৰিছে। চৌপাশৰ পৰা কেৱল আহি আছে সংঘাতৰ খবৰ, যাৰ ফলত বিশ্বৰ যোগান শৃংখল সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ২০২০ চনত মহামাৰী আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্ব অৰ্থনীতিৰ স্থিতিশীলতাৰ অভাৱ স্পষ্টকৈ দেখা গৈছে। ইয়াৰ পিছতো ভাৰতে এই সকলোবোৰ বাধা অতিক্ৰম কৰি নিজৰ অৰ্থনৈতিক গতি মন্থৰ হ’বলৈ দিয়া নাই।
ব্যয়বহুল বিবাহৰ পৰা আঁতৰত থাকক
এই বৃদ্ধিৰ হাৰৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাটো আৰু ভৱিষ্যতত আৰু অধিক শক্তিশালী হ’বলৈ ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণ অত্যন্ত আৱশ্যক। আমি আমাৰ জীৱনত থলুৱা সামগ্ৰীক অগ্ৰাধিকাৰ দিব লাগিব আৰু ‘লোকেল ফৰ ভোকেল’ মন্ত্ৰ আকোৱালি ল’ব লাগিব। ইয়াৰ বাবে আমি ছুটী বা বন্ধৰ সময়ত বিদেশলৈ যোৱা বা বিদেশত বিয়াৰ আয়োজন কৰা আদি ব্যয়বহুল প্ৰথাৰ পৰা আঁতৰি থাকক আৰু আমাৰ দেশৰ অৰ্থনীতি শক্তিশালী কৰক।
সোণ ক্ৰয়ৰ পৰাও আঁতৰি থাকক
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোণ ক্ৰয় সন্দৰ্ভতো দেশৰ জনসাধাৰণলৈ বিশেষ আহ্বান জনাইছে। যদিহে কোনো অত্যধিক প্ৰয়োজন নহয় তেন্তে সোণ ক্ৰয়ৰ পৰা আঁতৰি থাকক।


