পশ্চিম বংগৰ পৰা আহিছে এক বৃহৎ ৰাজনৈতিক খবৰ। সোমবাৰে তৃণমূলৰ বিদ্ৰোহী তথা বিসম্বাদী গোটে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক নিজৰ নিজৰ পদৰ পৰা নিলম্বন কৰিছে। আজি বিয়লি নিউ টাউনত অনুষ্ঠিত এক বৈঠকত বিদ্ৰোহী দলটোৱে মমতা বেনাৰ্জীক অধ্যক্ষ পদৰ পৰা আঁতৰাই তেওঁৰ ঠাইত চেণ্ট্ৰেল হাওৰাৰ বিধায়ক অৰূপ ৰয়ক অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।
আনহাতে দলটোৱে অভিষেক বেনাৰ্জীকো সৰ্বভাৰতীয় সাধাৰণ সম্পাদকৰ পদৰ পৰা নিলম্বন কৰে। বিধানসভাৰ বাজেট অধিৱেশনৰ পিছতে তৃণমূলৰ বিদ্ৰোহী বিধায়কসকলে নিউ টাউন হোটেলত এখন বৈঠক অনুষ্ঠিত কৰে। ৬০ গৰাকী বিধায়কৰ লগতে ৭০ গৰাকী প্ৰাক্তন কাউন্সিলাৰ উপস্থিত থাকে বৈঠকত। এই বৈঠকত ৩০ জনীয়া এখন সমিতি গঠন কৰা হয়।
সভাত উপস্থিত থকা সূত্ৰই জনোৱা মতে, নিউটাউনৰ এখন হোটেলত অনুষ্ঠিত বন্ধ দুৱাৰৰ বৈঠকৰ সময়ত ১১ জনীয়া এখন সমিতি গঠন কৰা হৈছিল। প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক অৰূপ ৰয়ক নৱগঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
খবৰ অনুসৰি এই বৈঠকত প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী জাভেদ খান, অৰূপ ৰয়, আৰু কলকাতা পৌৰ নিগমৰ কেইবাজনো কাউন্সিলাৰ উপস্থিত থাকে। সভাত তৃণমূলৰ নাম আৰু দলীয় চিহ্ন ব্যৱহাৰ কৰা হয়। সভাস্থলীত নাছিল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীৰ কোনো ফটো।
জিলা পৰ্যায়ৰ পৰা বিধায়ক পৰ্যায়লৈকে পাঁচশৰো অধিক তৃণমূলৰ নেতাই এই বৈঠকখনত উপস্থিত আছিল। ইয়াৰ ভিতৰত আছিল ১৬ জন জিলা সভাপতি, প্ৰাক্তন বিধায়ক, কাউন্সিলাৰ, বিদ্ৰোহী বিধায়ক। বৈঠকৰ পিছতে সকলোৱে মিলি এখন ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতি গঠন কৰাৰ কথাও ঘোষণা কৰে।


