জনপ্ৰিয় কমেডিয়ান সময় ৰাইনালৈ সৰ্বোচ্চ ন্যায়ালয়ৰ সকাহ

Published:

বিশেষভাৱে সক্ষম লোকসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিপদত পৰা দেশৰ অন্যতম জনপ্ৰিয় কমেডিয়ান সময় ৰাইনাই উচ্চতম ন্যায়ালয়ৰ পৰা লাভ কৰিলে সকাহ। আজি সৰ্বোচ্চ ন্যায়ালয়ে সময় ৰাইনা আৰু আন চাৰিজনৰ বিৰুদ্ধে দাখিল কৰা সকলোবোৰ এফআইআৰ (FIR) খাৰিজ কৰে।

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ এক খণ্ডপীঠে এই নিৰ্দেশনা প্ৰদান কৰে। খণ্ডপীঠে অনুভৱ কৰে যে ৰাইনা আৰু তেওঁৰ সহযোগীসকলে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে সজাগতা বৃদ্ধি আৰু তেওঁলোকক সাহায্যৰ বাবে বিত্তীয় পুঁজি সংগ্ৰহৰ কাৰ্যসূচী চলাব দিয়াৰ নিৰ্দেশ সুকলমে পালন কৰিছে।

তেওঁলোকৰ এই ইতিবাচক প্ৰচেষ্টা আৰু সন্মতিৰ বাবেই আদালতে ক্ৰিমিনেল প্ৰক্ৰিয়াক্ৰম বন্ধ কৰি সকলো গোচৰ খাৰিজ কৰে।

উল্লেখ্য যে জনপ্ৰিয় শ্ব’ ‘ইণ্ডিয়াছ গট লেটেন্ট’ত (India’s Got Latent) বিশেষভাৱে সক্ষম লোকসকলক লৈ কৰা কেইটামান আপত্তিকৰ মন্তব্যক লৈ দেশৰ ভিন্ন প্ৰান্তত এই গোচৰসমূহ ৰুজু কৰা হৈছিল।

বিশেষভাৱে সক্ষম লোকসকলৰ বাবে অনুষ্ঠান আয়োজনৰ চেষ্টা চলোৱা কাৰ্যৰ বাবে ৰাইনা, গোয়েল, ঘাই, ঠক্কৰ আৰু তম্বৰক প্ৰশংসা কৰে আদালতে। খণ্ডপীঠে কয়, ‘যেতিয়া সঁচা মনেৰে প্ৰচেষ্টা চলোৱা হয় তেতিয়া ভাল ফলাফল পোৱাটো নিশ্চিত। তেওঁ এজন অতি প্ৰতিভাৱান যুৱক। যদি তেওঁ সঠিক দিশত কাম কৰিবলৈ আৰম্ভ কৰে তেন্তে ফলাফল ভাল হ’ব।’

POPULAR

RECENT ARTICLES

spot_img