এদিনীয়া ক্ৰিকেটত কেইবাটাও অভিলেখ শুভমন গিলৰ

Published:

আফগানিস্তানৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতীয় অধিনায়ক শুভমন গিলে শতকীয় ইনিংছ খেলি কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অধিনায়ক হিচাপে দেশৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শুভমনে ভংগ কৰে ৰাহুল দ্ৰাবিড়ৰ অভিলেখ। অধিনায়ক হিচাপে দ্ৰাবিড়ে ৬টা শতক অৰ্জন কৰাৰ বিপৰীতে শুভমনে এই পৰ্যন্ত খেলিছে ৭টা শতকীয় ইনিংছ।

ইয়াৰ উপৰি শুভমনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত গৌতম গম্ভীৰক অতিক্ৰম কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত গৌতম গম্ভীৰে সৰ্বমুঠ ২০টা শতক অৰ্জন কৰিছিল। আনহাতে শুভমনে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২১টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ইফালে গিলে ভাৰতৰ ভূমিত খেলা এদিনীয়া ক্ৰিকেটত সম্পূৰ্ণ কৰিলে ১০০০ ৰান। ভাৰতত ১০০০ এদিনীয়া ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত বেটছমেনৰ তালিকাত তেওঁ এক নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ১৯ ইনিংছত এই কৃতিত্ব অৰ্জন কৰে শুভমনে। এই ক্ষেত্ৰত গিলে কোহলীক চেৰ পেলাইছে। ভাৰতত খেলা এদিনীয়া মেচত কোহলীয়ে ২৪টা ইনিংছত ১০০০ ৰান সংগ্ৰহ কৰিছিল। আনহাতে শিখৰ ধাৱনেও ২৪ ইনিংছত ১০০০ ৰান সংগ্ৰহ কৰাৰ কৃতিত্ব গঢ়িছিল।

ভাৰতৰ হৈ এদিনীয়া মেচত ৩০০০ ৰান সংগ্ৰহ কৰা দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হৈছে গিল। মাত্ৰ ৬২টা ইনিংছত ৩০০০ ৰান সংগ্ৰহ কৰে গিলে। কোহলীয়ে ৭৫টা ইনিংছত ৩০০০ এদিনীয়া ৰান সংগ্ৰহ কৰিছিল। সামগ্ৰিকভাৱে ৩০০০ এদিনীয়া ৰান সংগ্ৰহ কৰা দ্বিতীয় দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হৈছে গিল। এদিনীয়াত সৰ্বাধিক দ্ৰুত ৩০০০ ৰান সংগ্ৰহ কৰাৰ তালিকাৰ শীৰ্ষত আছে দক্ষিণ আফ্ৰিকাৰ মহান বেটছমেন হাছিম আমলা। আমলাই ৫৭টা ইনিংছত ৩০০০ এদিনীয়া ৰান সংগ্ৰহ কৰিছিল।

কম ইনিংছত ৩০০০ ৰান সম্পূৰ্ণ কৰা ভাৰতীয় বেটাৰ
৬২ শুভমন গিল
৭২ শিখৰ ধাৱন/শ্ৰেয়াছ আয়াৰ
৭৫ বিৰাট কোহলী
৭৮ কে এল ৰাহুল
৭৯ নৱজোত সিং সিদ্ধু

ভাৰতৰ হৈ অধিনায়ক হিচাপে সৰ্বাধিক শতক
৪১ – বিৰাট কোহলী
১৬ – সৌৰভ গাংগুলী
১৩ – এম আজহাৰুদ্দিন
১৩ – শচীন তেণ্ডুলকাৰ
১২ – ৰোহিত শৰ্মা
১১ – এম এছ ধোনী
১১ – সুনীল গাভাস্কাৰ
৭ – শুভমন গিল*
৬ – ৰাহুল দ্ৰাবিড়

সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা ভাৰতীয় বেটাৰ
১০০ – শচীন তেণ্ডুলকাৰ
৮৫ – বিৰাট কোহলী
৫০ – ৰোহিত শৰ্মা
৪৮ – ৰাহুল দ্ৰাবিড়
৩৮ – সৌৰভ গাংগুলী
৩৮ – বীৰেন্দ্ৰ সেহৱাগ
৩৫ – সুনীল গাভাস্কাৰ
২৯ – এম আজহাৰুদ্দিন
২৪ – শিখৰ ধাৱন
২৩ – ভি ভি এছ লক্ষ্মণ
২২ – কে এল ৰাহুল
২১ – শুভমন গিল*
২০ – গৌতম গম্ভীৰ

POPULAR

RECENT ARTICLES

spot_img