উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২৭ৰ বাবে কংগ্ৰেছ দল আৰু সমাজবাদী পাৰ্টিৰ মাজত আসন ভাগ-বাটোৱাৰাৰ বাবে এখন সমিতি গঠন কৰিছে। মিত্ৰতা তথা আসন ভাগ-বাটোৱাৰাৰ বাবে অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পূৰ্বে সমাজবাদী পাৰ্টিয়ে সমিতিখনৰ বাবে নিজৰ চাৰিজনীয়া সদস্যৰ নাম ঘোষণা কৰিছে।
এই সমিতিখনৰ বাবে ইতিমধ্যে কংগ্ৰেছ দলে নিজৰ পাঁচজনীয়া সদস্যৰ নাম পূৰ্বতেই ঘোষণা কৰিছে। দুয়োটা দলৰ উমৈহতীয়া সদস্যৰে গঠিত সমিতিখনে সোমবাৰে প্ৰথমখন বৈঠকত মিলিত হ’ব।
দেওবাৰে সমাজবাদী পাৰ্টিয়ে সামাজিক মাধ্যমৰ জৰিয়তে এটা প’ষ্ট শ্বেয়াৰ কৰি কয় যে ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ইণ্ডি মিত্ৰজোঁটৰ মাজত হ’বলগীয়া আসন বুজাবুজিৰ বৈঠকক লৈ দলৰ তৰফৰ পৰা অধ্যক্ষ অখিলেশ যাদৱে চাৰিজনীয়া সদস্যৰ সমিতি গঠন কৰিছে।
সমাজবাদী পাৰ্টিয়ে গঠন কৰি দিয়া সমিতিখনত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামগোপাল যাদৱ, ৰাজ্যিক সভাপতি শ্যামলাল পাল, সাংসদ ৰাজীৱ ৰায় আৰু সাংসদ ইকৰা হাছান চৌধাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। এই নেতাসকলে দলৰ হৈ কংগ্ৰেছৰ সৈতে আসন ভাগ-বতৰা সম্পৰ্কে আলোচনা কৰিব।
ইফালে কংগ্ৰেছ দলে গঠন কৰা সমিতিখনত আছে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰা, সংগঠনৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল, উত্তৰ প্ৰদেশৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দ্ৰ পাল গৌতম, ইউ পি কংগ্ৰেছৰ সভাপতি আৰাধনা মিশ্ৰ ‘মোনা’ আৰু কাৰ্যকৰী ৰাজ্যিক সভাপতি ইমৰাণ মাছুদ।


