কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হৃদয়ত এতিয়া ‘ৱাণ্ডাৰ কিড’ বৈভৱ

বয়স মাত্ৰ ১৫ বছৰ। কিন্তু হাতত বেটখন লৈ খেলপথাৰত নমাৰ লগে লগে কম্পিত হয় বিশ্বৰ বাঘা বাঘা বেগী বলাৰৰ বলিং স্পাইক। গুলীৰ বেগত অহা বল ধুমুহাৰ গতিত বাউণ্ডেৰী পাৰ কৰোৱাটোৱে তেওঁৰ একমাত্ৰ লক্ষ্য। বয়সৰ জোখাৰে অভিজ্ঞ নহ’লেও তেওঁৰ বেটিং বিক্ৰমৰ পৰা সাৰি যোৱা নাই বুমৰাহ, পেট কামিন্স, ৰাবাডা, হেজলউডৰ দৰে দুৰ্দান্ত বলাৰ। যিমান ক’লেও প্ৰশংসাৰ বাবে শব্দৰ অভাৱ হ’ব এইগৰাকী ক্ৰিকেটাৰৰ বাবে। আমি যুগুত কৰা এই প্ৰতিবেদনৰ মূল নায়কজনক আজি আৰু আমি বেলেগকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। কিয়নো ইতিমধ্যে বিশ্ব ক্ৰিকেটত ৱাণ্ডাৰ কিডৰূপে সমাদৃত হৈছে ১৫ বছৰীয়া ক্ৰিকেটাৰ জন। নাম বৈভৱ সূৰ্যবংশী।

২০১১ চনৰ বিহাৰৰ তাজপুৰত জন্মগ্ৰহণ কৰা বৈভৱে অতি কম বয়সতে নিজৰ অসাধাৰণ বেটিং শৈলীৰে দৃষ্টি আকৰ্ষণ কৰিছে ক্ৰিকেট বিশ্বৰ। মাত্ৰ ১২ বছৰ বসয়তে ৰঞ্জী ট্ৰফীৰ ডেবিউ। তাৰ পিছত ২০২৪ চনত তেওঁ সুযোগ লাভ কৰে ভাৰতীয় অনুৰ্ধ্ব ১৯ দলত। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে লাভ কৰা সুযোগৰ সদব্যৱহাৰ কৰি অনুৰ্ধ্ব ১৯ টেষ্ট ক্ৰিকেটত আটাইতকৈ কম বয়সত শতক অৰ্জন কৰি গঢ়ে অভিলেখ। মাত্ৰ ৫৮টা বলতেই আহিছিল তেওঁৰ বেটৰ পৰা শতক। অনুৰ্ধ্ব ১৯ টেষ্ট ক্ৰিকেট ইতিহাসত ই আছিল দ্ৰুততম আৰু আটাইতকৈ কম বয়সত কৰা শতক। তেওঁৰ কভাৰ ড্ৰাইভত আছে ব্ৰায়ান লাৰাৰ ক্লাছ আৰু পুল শ্বটত আছে যুৱৰাজ সিঙৰ দৰে বিধ্বংসী ৰূপ।

এই ৱাণ্ডাৰ কিড বৈভৱে ২০২৪ চনৰ আই পি এল নিলামত ৰচিছিল ইতিহাস। আই পি এল নিলামত মাত্ৰ ১৩ বছৰ বয়সতে ৰাজস্থান ৰয়েলছত চুক্তিবদ্ধ হোৱা বৈভৱ আছিল আই পি এল ইতিহাসৰ আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ। ইয়াৰ পিছতে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ মনত কৌতুহল জাগিছিল কোন এই বৈভৱ, ক’ৰ পৰা আহিল বিস্ময় বালক। এই সকলোবোৰৰ উত্তৰ বিশ্ব ক্ৰিকেট অনুৰাগীয়ে পালে ২০২৫ বৰ্ষৰ আই পি এলত। সেইটো ছিজনত গুজৰাট টাইটানছৰ বিৰুদ্ধে মাত্ৰ ১৪ বছৰ ৩২ দিন বয়সত বৈভৱে শতক অৰ্জন কৰি পুৰুষ টি-২০ ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ কম বয়সীয়া শতকধাৰী ক্ৰিকেটাৰ হিচাপে নিজৰ নাম খোদিত কৰে। সেই মেচখনত তেওঁৰ শতকটো আহিছিল মাত্ৰ ৩৫টা বলত। ই আছিল আই পি এলৰ ইতিহাসত কোনো ভাৰতীয় ক্ৰিকেটাৰৰ দ্বাৰা আটাইতকৈ দ্ৰুততম শতক। আই পি এল ২০২৫ ছিজনত ৰাজস্থানৰ হৈ ৭খন মেচত অংশ লৈ বৈভৱে সংগ্ৰহ কৰিছিল ২৫২ ৰান।

বৈভৱৰ কাৰনামা ইয়াতেই থমকি ৰোৱা নাছিল। শেহতীয়া আই পি এল ২০২৬ৰ ছিজনত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বৈভৱে নিজৰ আক্ৰমণাত্মক বেটিঙক এক সুকীয়া মাত্ৰালৈ লৈ গৈছে। অদম্য বেটিঙেৰে ৰাজস্থান ৰয়েলছক লৈ গৈছিল প্লে অফলৈ। চলিত ছিজনৰ প্লে অফত ধুমুহা তুলিছিল বৈভৱে।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলা এলিমিনেটৰ মেচত বৈভৱে মাত্ৰ ২৯টা বলত ৯৭ ৰানৰ এক অবিশ্বাস্য ইনিংছ খেলিছিল। তেওঁৰ বেটিং বিক্ৰমত ধূলিস্যাত হৈছিল পেট কামিন্স নেতৃত্বাধীন ছানৰাইজাৰ্ছৰ শক্তিশালী বলিং লাইনআপ। সেই ইনিংছটোত তেওঁৰ বেটৰ পৰা আহিছিল ১২টাকৈ গগণচুম্বী ছিক্সাৰ। ইয়াৰ পিছৰ মেচখনত অৰ্থাত দ্বিতীয়খন কোৱালিফায়াৰতো তেওঁ হেৰুওৱা নাছিল বেটিং ছন্দ। গুজৰাটৰ বিৰুদ্ধে অত্যন্ত গুৰুত্বপূৰ্ণ মেচখনত তেওঁ ৪৭টা বলত সংগ্ৰহ কৰে ৯৬ ৰান।

অৱশ্যে তেওঁৰ দুৰ্দান্ত বেটিং প্ৰদৰ্শনৰ পিছতো ৰিয়ান নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে প্ৰৱেশ কৰিব নোৱাৰিলে ফাইনেলত। শুভমন গিলৰ দুৰ্দমনীয় শতকীয় ইনিংছৰ বাবে আই পি এল ট্ৰফী জয়ৰ স্বপ্ন ভংগ হ’ল বৈভৱ সূৰ্যবংশীৰ দল ৰাজস্থান ৰয়েলছৰ।

ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’লেও বৈভৱে চলিত ছিজনত খেলা বিস্ফোৰক ইনিংছ কেইটাৰ জৰিয়তে জিনিছে কোটি-কোটি ক্ৰিকেট অনুৰাগীৰ হৃদয়, বুটলিছে অফুৰন্ত মৰম। আই পি এল ২০২৬ত ১৬খন মেচত এটা শতক আৰু পাঁচটা অৰ্ধশতকৰ সহায়ত বৈভৱে সংগ্ৰহ কৰিছে ৭৭৬ ৰান। সমগ্ৰ ছিজনটোত তেওঁ ২৩৭.৩০ ষ্ট্ৰাইক ৰেটেৰে প্ৰতিপক্ষৰ বলাৰক কৰিছিল দমন। আনহাতে টি-২০ ক্ৰিকেটত আটাইতকৈ কম বয়সতে ১০০০ ৰান সম্পূৰ্ণ কৰাৰো বিশ্ব অভিলেখ গঢ়ে এই ছিজনতে। তেওঁৰ হাততেই আছে অৰেঞ্জ কেপ।

এই সফলতা কোনো যাদু নহয়। ইয়াৰ আঁৰত আছে দেউতাকৰ সপোন, পৰিয়ালৰ ত্যাগ আৰু বৈভৱৰ অবিৰত কঠোৰ পৰিশ্ৰম।

বয়স যদিওবা কম তেওঁ কিন্তু এতিয়া কোনো সাধাৰণ নাম নহয়, তেওঁ হৈছে ভাৰতীয় ক্ৰিকেটৰ অনাগত দিনৰ এক মহা ধুমুহা। ক্ৰিকেট ডায়েৰীৰ সোণালী পৃষ্ঠাত এতিয়া নতুন নাম লিখাৰ সময়। সাৱধান বিশ্ব ক্ৰিকেট! ক্ৰীজত ৰৈ আছে ৱাণ্ডাৰ কিড বৈভৱ…

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...