ধৰ্মান্তৰিত মুছলমানৰ সংৰক্ষণক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডু চৰকাৰ

Published:

ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকসকলক পিছপৰা শ্ৰেণীৰ মুছলমান (BCM) বুলি গণ্য কৰা নহ’ব বুলি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে তামিলনাডু চৰকাৰে। উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ ২০২৪ বৰ্ষৰ সেই নীতিগত সিদ্ধান্তক অসাংবিধানিক আখ্যা দিছিল, য’ত অনুসূচিত জাতি (SC) বা অন্যান্য পিছপৰা শ্ৰেণী (OBC)ৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰা লোকসকলক পিছপৰা শ্ৰেণীৰ মুছলমান (BCM) বুলি গণ্য কৰা হয়।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে তামিলনাডু চৰকাৰে কাষ চাপিছে সৰ্বোচ্চ ন্যায়ালয়ৰ। ধৰ্ম পৰিৱৰ্তনৰ পিছতো লোকসকলে যাতে তেওঁলোকৰ পূৰ্বৰ অধিকাৰ লাভ কৰি থাকিব পাৰে তাৰ বাবে এই সিদ্ধান্ত লৈছে বিজয় থালাপতি চৰকাৰে।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ে স্পষ্টভাৱে কৈছিল যে কেৱল ধৰ্ম সলনি কৰিলেই কোনো ব্যক্তিক তেওঁৰ জন্মভিত্তিক সামাজিক শ্ৰেণীৰ ভিতৰলৈ আনিব নোৱাৰি। লগতে উচ্চ ন্যায়ালয়ে এয়াও যুক্তি দিছিল যে ইছলাম ধৰ্মই সম্পূৰ্ণৰূপে সমতাৰ প্ৰচাৰ কৰে, সেয়েহে এই ভিত্তিত সংৰক্ষণৰ দাবী কৰিব নোৱাৰে।

ইফালে সৰ্বোচ্চ ন্যায়ালয়ত তামিলনাডু চৰকাৰে দাখিল কৰা আবেদনত যুক্তি প্ৰদান কৰিছে যে সংৰক্ষণৰ সুবিধা এইটো কাৰণতে দিয়া হৈছিল, যাতে ধৰ্ম পৰিৱৰ্তনৰ পিছতো সামাজিকভাৱে পিছ পৰা লোকসকলক মুখ্য ধাৰাৰ সৈতে চামিল কৰিব পৰা যায়।

ৰাজ্যৰ জাতি আৰু ধৰ্মৰ সামাজিক ভাৰসাম্য বিঘ্নিত নোহোৱাৰ বাবেও এই সংৰক্ষণৰ সুবিধা প্ৰদান কৰা বুলি উল্লেখ কৰে চৰকাৰে।

POPULAR

RECENT ARTICLES

spot_img