মমতা গোটৰ বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ, ভাঙি পেলালে গাড়ীৰ খিড়িকী

Published:

পশ্চিম বংগৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আহ্বান জনোৱা এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা বিধায়ক কুনাল ঘোষৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি শ্ৰীৰামপুৰত অনুষ্ঠিত হ’বলগীয়া এখন বৈঠকৰ বাবে গৈ থকাৰ সময়তে হুগলীৰ উত্তৰপাৰাত বিধায়ক ঘোষৰ ওপৰত এই আক্ৰমণ সংঘটিত হয়।

বিধায়ক কুনাল ঘোষক মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয়। কিন্তু আক্ৰমণৰ এই ঘটনাৰ পিছতে বৈঠকত অংশগ্ৰহণ নকৰি তেওঁ পুনৰ কলকাতালৈ উভতি যায়।

ঘটনাৰ বিৱৰণী অনুসৰি, মমতা বেনাৰ্জীৰ সমাৱেশত অংশ ল’বলৈ গৈ থকাৰ সময়তে বিধায়ক ঘোষক হুগলীৰ উত্তৰপাৰাত একাংশ লোকে আগভেটি ধৰি কণী নিক্ষেপ কৰাৰ লগতে ভাঙি পেলাই তেওঁৰ গাড়ীৰ খিড়িকী। আক্ৰমণৰ সময়ত গাড়ীৰ ভিতৰত আছিল বিধায়ক কুনাল ঘোষ। অৱশ্যে তেওঁৰ চালকে চাতুৰালিৰে ভিৰৰ মাজৰ পৰা গাড়ীখন ঘূৰাই পুনৰ কলকাতাৰ দিশে লৈ যায়। বিধায়কৰ গাড়ীখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে যদিও বিধায়কগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত এই পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই।

আক্ৰমণক গৰিহণা মমতা বেনাৰ্জীৰ

মমতা বেনাৰ্জীয়ে বিধায়ক কুনাল ঘোষৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়ে। তেওঁ কয়, ‘ৰাস্তা-ঘাট বন্ধ কৰি দিয়া হৈছে, আৰু আৰক্ষীয়ে আমাৰ সতীৰ্থসকলক শ্ৰীৰামপুৰত অনুষ্ঠিত হ’বলগীয়া সভাত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰিছে।’

মমতাই কুনাল ঘোষ আৰু তৃণমূলৰ অন্যান্য কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ বাবে বিজেপিক জগৰীয়া কৰে। সমাৱেশত অংশগ্ৰহণ কৰিবলৈ অহা তৃণমূলৰ লোকসকলক হুগলীৰ উত্তৰপাৰা আৰু জিটি ৰোডত আৰক্ষী আৰু বিজেপিয়ে বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰে মমতা বেনাৰ্জীয়ে।

উল্লেখ্য যে, আজি বিয়লি মমতা বেনাৰ্জীয়ে হুগলীত এখন সমাৱেশত অংশ ল’ব। মমতা বেনাৰ্জী গোটৰ প্ৰতিগৰাকী বিধায়ক, সাংসদ আৰু অন্যান্য নেতাক এই সমাৱেশত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল। কিন্তু এই সমাৱেশৰ পূৰ্বে বিধায়কৰ ওপৰত সংঘটিত হোৱা আক্ৰমণে ৰাজ্যখনৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

POPULAR

RECENT ARTICLES

spot_img