কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত ১০ গৰাকীৰো অধিক লোক নিহত হৈছে। আনহাতে ট্ৰেভেলাৰখনত থকা বহু লোক গুৰুতৰভাৱে আহত হোৱাৰ প্ৰাথমিক তথ্য পোৱা গৈছে।
জানিব পৰা মতে, যোৰহাটৰ পৰা নগাঁও দিশে আহি থকা AS02AC6690 নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰখনে যোৰহাট অভিমুখী KA01AT0977 নম্বৰৰ কণ্টেইনাৰখনত তীব্ৰ বেগত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ট্ৰেভেলাৰ বাহনখনত কলেজীয়া ছাত্ৰীকে ধৰি ৩৫গৰাকীৰো অধিক লোক আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়ে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয় লোকৰ ততপৰতাত কিছু লোকক উদ্ধাৰ কৰে যদিও আন বহু লোকক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। গুৰুতৰভাৱে আহত লোকসকলক কঁহৰা আদৰ্শ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাস্থলীৰ পৰা লাভ কৰা তথ্য অনুসৰি মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা।


