আছাম ৰাইফলছক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ ভয়ংকৰ IED বিস্ফোৰণ, এজন জোৱানৰ মৃত্যু

Published:

নাগালেণ্ডত সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। ৰাজ্যখনৰ চুমওকেডিমা জিলাৰ চুখোভি অঞ্চলত সংঘটিত এক আইইডি বিস্ফোৰণত আছাম ৰাইফলছৰ এগৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে আন চাৰিজন জোৱান গুৰুতৰভাৱে আহত হয়।

জানিব পৰা অনুসৰি, আছাম ৰাইফলছৰ জোৱানৰ এখন বাহনত কোনো সংগঠনে এই আক্ৰমণ সংঘটিত কৰিছে। আক্ৰমণৰ বলি হোৱা জোৱান কেইজন আছাম ৰাইফলছৰ ট্ৰেইনিং চেণ্টাৰৰ।

ডিফেন্স পি আৰ অ’ই জনোৱা মতে, এই ঘটনাত এজন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন আহত হয়। লগে লগে আহতসকলক চিকিৎসাৰ বাবে সমীপৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। এই পৰ্যন্ত আহতসকলৰ স্বাস্থ্যৰ অৱস্থা জানিব পৰা হোৱা নাই।

বিস্ফোৰণৰ পিছতে নিৰাপত্তা বাহিনীয়ে চুখোভি আৰু ইয়াৰ আশে-পাশে বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰিছে। বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই, আৰু তদন্ত প্ৰক্ৰিয়া চলি আছে।

উল্লেখ্য যে, উত্তৰ-পূবত বিগত এটা সপ্তাহৰ ভিতৰত আছাম ৰাইফলছৰ ওপৰত চলা এইটো দ্বিতীয় আক্ৰমণ। ইয়াৰ পূৰ্বে ৬ জুলাইত মণিপুৰৰ উখৰুল জিলাত আছাম ৰাইফলছৰ ওপৰত চলিছিল আক্ৰমণ। এই আক্ৰমণত শ্বহীদ হৈছিল দুগৰাকী জোৱানৰ।

POPULAR

RECENT ARTICLES

spot_img