ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখন মেচৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়। ভাৰতৰ হৈ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ৰোহিত আৰু বিৰাটৰ যুটিয়ে ৮ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰাৰ ইতিহাস গঢ়ে। এই তালিকাত হিটমেন আৰু কিং কোহলী যুটিয়ে সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ক অতিক্ৰম কৰি তৃতীয় স্থানত উপনীত হয়।
এই তালিকাত শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীৰ যুটিয়ে মুঠ ১২,৪০০ ৰান সংগ্ৰহ কৰি শীৰ্ষস্থানত আছে। এই তালিকাৰ দ্বিতীয় নাম হৈছে শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়। ১১,০৩৭ ৰান সংগ্ৰহ কৰিছিল এই যুটিটোৱে।
ভাৰতৰ বাবে সৰ্বোচ্চ পাৰ্টনাৰশ্বিপ
১২৪০০ ৰানঃ তেণ্ডুলকাৰ – গাংগুলী
১১০৩৭ ৰান : তেণ্ডুলকাৰ – দ্ৰাবিড়
৮০০৮ ৰানঃ ৰোহিত – কোহলী *
৭৬২৬ ৰানঃ গাংগুলী – দ্ৰাবিড়
৭১৯৯ ৰানঃ ছেহৱাগ – গম্ভীৰ
দ্বিতীয়খন এদিনীয়াত ৬১ ৰানৰ অংশীদাৰিত্ব
কাৰ্ডিফত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ মাজত ৬১টা বলত দ্বিতীয় উইকেটৰ বাবে ৬০ ৰানৰ পাৰ্টনাৰশ্বিপ হয়। হিটমেন কোহলীয়ে ১৭ ৰান আৰু কিং কোহলীয়ে ৩৬ ৰানৰ অৱদান আগবঢ়ায়।


