এদিনীয়া ক্ৰিকেটৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খোজ দিয়া ৰোহিত শৰ্মাই এদিনীয়া মেচৰ জৰিয়তেই বিদায় জনাব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক। ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচেই ৰোহিতৰ বাবে শেষৰখন মেচ হ’ব বুলি ক্ৰিকেট মহলত চলিছে ব্যাপক চৰ্চা।
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰীয় নিৰ্বাচক সমিতিয়ে ৰোহিত শৰ্মাৰ বিপৰীতে যশশ্বী জয়ছোৱালক এদিনীয়া ক্ৰিকেটত অধিক সুযোগ দিয়াৰ চিন্তা-চৰ্চা কৰিছে। ২০২৭ চনৰ বিশ্বকাপত ৰোহিতক বিচৰা নাই বুলিও আওপকীয়াকৈ বৰ্ষীয়ান ক্ৰিকেটাৰগৰাকীক জনাইছে নিৰ্বাচক সমিতিয়ে।
ইফালে টাইমছ অৱ ইণ্ডিয়াই নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ইংলেণ্ডৰ বিৰুদ্ধে চলা এদিনীয়া শৃংখলাৰ পিছত অপেনাৰ হিচাপে আৰু প্ৰথম পচন্দ নহ’ব ৰোহিত শৰ্মা। নিৰ্বাচক সমিতিয়ে এই পৰিকল্পনা অৱগত কৰাৰ পিছতেই ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰিব বিচাৰিছে। বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি ১৯ জুলাই অৰ্থাত লৰ্ডছেই হ’ব তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন মেচ।
ৰোহিত শৰ্মাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ…
ৰোহিত শৰ্মাই এই পৰ্যন্ত ২৮৭খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ খেলিছে। এদিনীয়া কেৰিয়াৰৰ ২৭৯টা ইনিংছত তেওঁ সংগ্ৰহ কৰিছে ১১৭৫৭ ৰান। এই ফৰ্মেটত তেওঁ ৩৩টা শতক আৰু ৬২টা অৰ্ধশতকীয় ইনিংছ খেলিছে। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ব্যক্তিগত ইনিংছ (২৬৪) খেলাৰ অভিলেখো আছে ৰোহিতৰ নামত।
ৰোহিতে এদিনীয়া ক্ৰিকেটত শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বাধিক ৫৫খন মেচ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৯খন মেচ খেলিছে।
উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক হিচাপেও সোণালী ইতিহাসত লিপিবদ্ধ থাকিব ৰোহিত শৰ্মাৰ নাম। ৰোহিত শৰ্মাৰ নেতৃত্বতে ভাৰতীয় দলে ২০২৪ চনত টি-২০ বিশ্বকাপ আৰু ২০২৫ চনত আইচিচি চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছিল। টি-২০ বিশ্বকাপ খিতাপ দখল কৰাৰ পিছতেই টি-২০ ক্ৰিকেটক আৰু ইয়াৰ কিছু দিন পিছত টেষ্ট ক্ৰিকেটক বিদায় জনাইছিল ৰোহিত শৰ্মাই।


