সোমবাৰে ছিকিমৰ নামচি জিলাত সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ পিছতে নিৰ্মাণাধীন সুৰংগৰ ভিতৰত প্ৰায় ২৭ গৰাকী শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। উদ্ধাৰকাৰী দলে এই পৰ্যন্ত সুৰংগৰ পৰা ৭ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে। সম্প্ৰতি সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে।
খবৰ অনুসৰি নামচি চিলেৰ সমৰডুঙত NHPCৰ তীস্তা ষ্টেজ ৬ প্ৰকল্পত নিৰ্মাণৰত সুৰংগত সংঘটিত হয় এই দুৰ্ঘটনা। হঠাৎ হোৱা ভূমিস্খলনে সুৰংগটোৰ প্ৰৱেশদ্বাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।
প্ৰাৰম্ভিক তথ্য অনুসৰি পেটেল ইঞ্জিনিয়াৰিঙৰ ২১ জন আৰু NHPCৰ ৬ জন কৰ্মচাৰীকে ধৰি প্ৰায় ২৭ জন লোক ভিতৰত আৱদ্ধ হৈ আছে। অৱশ্যে আৱদ্ধ লোকৰ প্ৰকৃত সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই।
ঘটনাস্থলীত নামচি জিলা প্ৰশাসন, NHPCৰ বিষয়া, SDRF, NDRF, ছিকিম আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীকে ধৰি আন বহুতো জৰুৰীকালীন বিভাগৰ লোক উপস্থিত আছে।
উল্লেখ্য যে, সুৰংগটোৰ ভিতৰত মিথেন গেছ থকাৰ সন্দেহ কৰা হৈছে, যাৰ বাবে উদ্ধাৰ অভিযান চলোৱাটো অত্যন্ত কঠিন হৈ পৰিছে। এটা আগশাৰীৰ সংবাদ সংস্থাৰ মতে, সোমবাৰে বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি মিথেন গেছৰ বাবে উদ্ধাৰকাৰী দলৰ বহুতৰে মূৰ ঘূৰোৱাৰ লগতে কিছুসংখ্যক অজ্ঞান হৈ পৰে।


