ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰা আবেদনৰ জৰুৰী শুনানি নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। আবেদনকাৰীৰ অধিবক্তাই যেতিয়া প্ৰমাণ হিচাপে আদালতত ভিডিঅ’ দাখিল কৰাৰ অনুমতি বিচাৰে তেতিয়া মুখ্য ন্যায়াধীশে ইয়াক পোনছাটেই নাকচ কৰি কয় যে আমাৰ সময় নষ্ট নকৰিব। ভিডিঅ’চোৱাৰ সময় নাই আদালতৰ।
মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ অধ্যক্ষতাত অনুষ্ঠিত বিচাৰপীঠৰ সন্মুখত অধিবক্তা নৰেন্দ্ৰ মিশ্ৰাই এই বিষয়টো উত্থাপন কৰি জৰুৰী শুনানিৰ বাবে দাবী জনাইছিল। অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰি মন্তব্য কৰিছিল যে নীট প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰি আছিল। পৰীক্ষা অনুষ্ঠিত কৰা নেশ্যনেল টেষ্টিং এজেন্সিত সংস্কাৰৰ দাবীত সাব্য়স্ত কৰি আছিল প্ৰতিবাদ। প্ৰতিবাদৰ সময়তে আৰক্ষীয়ে তেওঁলোকক নিৰ্মমভাৱে আক্ৰমণ কৰিছে।
অধিবক্তাগৰাকীয়ে লগতে কয় যে প্ৰমাণ হিচাপে তেওঁৰ হাতত ভিডিঅ’ মজুত আছে আৰু ইচ্ছা কৰিলে আদালতত উপস্থাপন কৰিব পাৰিব। মুখ্য ন্যায়াধীশে এই সকলো যুক্তি নাকচ কৰি অধিবক্তাজনক কয়, ‘আমাৰ সময় নষ্ট নকৰিব। সেই ভিডিঅ’বোৰৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই। আদালতৰ সেইবোৰ চাবলৈ সময় নাই।’
উল্লেখ্য যে, ইয়াৰ পূৰ্বে অৰ্থাত মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়েও প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৰ্বৰতা সন্দৰ্ভত দাখিল কৰা আবেদনৰ তৎকালীন শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছিল যে এই বিতৰ্কৰ মাজলৈ আদালতক টানি নানিব।
অৱশ্যে এই সম্পৰ্কীয় আৱেদনসমূহৰ শুনানি আজি উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।


