উজনি অসমত সৃষ্টি হোৱা বিভীষিকাময় বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি যোৰহাট জিলাৰ উত্তৰ-পশ্চিম যোৰহাটৰ শ’লমৰাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ভোগদৈ নদীৰ কোৱাল সোঁতে অঞ্চলটোৰ শ’লমৰা, মজিয়াভেতি, কাতিৰাম চুক আৰু বৰঘুলী মুখৰ মথাউৰি ছিঙি নিয়াৰ ফলত শোচনীয় হৈ পৰা সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
পৰিদৰ্শনৰ সময়তে হাজাৰ-হাজাৰ বন্যাৰ্তৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ মনৰ বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই। বানে ছিগি লৈ যোৱা মথাউৰিৰ সমীপত উপস্থিত হৈ ভগ্ন মথাউৰি এমাহৰ ভিতৰত নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে বানত ককবকাই থকা বহু লোকে বান সাহায্য লাভ নকৰাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যি সমূহ বন্যাৰ্তই বৰ্তমানেও বান সাহায্য লাভ কৰা নাই তেওঁলোকে শীঘ্ৰে সকলো সুবিধা লাভ কৰিব। ইতিমধ্যে শীঘ্ৰেই বান সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
বানাক্ৰান্ত ৰাইজক সাক্ষাত কৰাৰ এই সময়ছোৱাত মুখ্যমন্ত্ৰী শৰ্মাক মন্ত্ৰী কেশৱ মহন্ত, টীয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়া আৰু জিলা প্ৰশাসনৰ বিষয়া সকলে সংগ দিয়ে।
উল্লেখ্য যে, যোৰহাটৰ বান পীড়িত অঞ্চল পৰিদৰ্শন কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই শিৱসাগৰৰো ভিন্ন স্থানত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈছিল।


