পাকিস্তানৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচত এক বিৰল অভিলেখৰ গৰাকী হ’ল ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জাষ্টিন গ্ৰীভছ। টেষ্ট ক্ৰিকেটৰ ইতিহাসত একেৰাহে ৫টা উইকেট-মেডেন অভাৰ বলিং কৰাৰ বিশ্ব অভিলেখ গঢ়ে গ্ৰীভছে। ক্ৰিকেট ইতিহাসত এই অভিলেখ গঢ়া একমাত্ৰ বলাৰ হিচাপে পৰিগণিত হয় গ্ৰীভছ। জাষ্টিন গ্ৰীভছৰ এই কৃতিত্বক অলৌকিক আখ্যা দিছে ক্ৰিকেট বিশেষজ্ঞসকলে।
১৪৯ বছৰীয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসৰ একমাত্ৰ বলাৰ
টেষ্ট ক্ৰিকেটত একেৰাহে ৫টা মেডেন অভাৰত একোটাকৈ উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জাষ্টিন গ্ৰীভছ। ট্ৰিনিদাদত ৱেষ্ট ইণ্ডিজ আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টৰ তৃতীয় দিনা এই কৃতিত্বৰ অধিকাৰী হয় গ্ৰীভছ।
টেষ্ট ক্ৰিকেটত গ্ৰীভছৰ এইটোৱেই আছিল প্ৰথম ৫ উইকেট। উইকেট মেডেনৰ ক্ষেত্ৰত গ্ৰীভছে ভংগ কৰে ইংলেণ্ডৰ প্ৰাক্তন বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰডৰ অভিলেখ। ব্ৰডে ২০১৬ চনত জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা মেচখনত প্ৰথম চাৰিটা অভাৰত মেডেনসহ চাৰিটাকৈ উইকেট লাভ কৰিছিল।
গ্ৰীভছে ইনিংছৰ ৬৪, ৬৬, ৬৮, ৭০ আৰু ৭২ নম্বৰ অভাৰত এটাও ৰান খৰছ নকৰাকৈ প্ৰতিটো অভাৰতে একোটাকৈ উইকেট লাভ কৰিছিল। তেওঁৰ এই ঐতিহাসিক কৃতিত্বৰ ফলতেই পাকিস্তানে নিজৰ প্ৰথম ইনিংছ ২৮২ ৰানত সামৰিবলৈ বাধ্য হৈছিল।
মেচখনৰ সংক্ষিপ্ত স্ক’ৰ
ৱেষ্ট ইণ্ডিজ- প্ৰথম ইনিংছ- ৩১১, দ্বিতীয় ইনিংছ ৭টা উইকেটৰ বিনিময়ত ১২৬ ৰান সংগ্ৰহ
পাকিস্তান- ২৮২ ৰানত অলআউট।


