বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল প্ৰশ্নকাকত ফাদিল বিৰোধী সংশোধনী বিধেয়ক। দীঘলীয়া আলোচনা তথা চৰ্চাৰ অন্তত ধ্বনি ভোটৰ জৰিয়তে বিধেয়কখন গৃহীত হয়।
বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে বিৰোধী নেতা ৰাহুল গান্ধীৰ বক্তব্যক লৈ সংসদত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। বিধেয়কখনৰ ওপৰত আলোচনাৰ সময়ত শাসকীয় দল আৰু বিৰোধীৰ মাজত হয় তীব্ৰ বাক বিতণ্ডা। প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক গৃহীত হোৱাৰ কথা ঘোষণা কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই ৩০ জুলাইৰ পুৱা ১১ বজালৈ লোকসভা স্থগিত ৰাখে।
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে লোকসভাত বিধেয়কখন উত্থাপন কৰি কয় যে এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ ওপৰত আলোচনা আৰু পৰামৰ্শ আগবঢ়োৱাৰ পৰিৱৰ্তে বিৰোধীয়ে ৰাজনীতিত লিপ্ত হৈছে। জিতেন্দ্ৰ সিঙে কয়, ‘বিৰোধীৰ আচৰণ অত্যন্ত হতাশাজনক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা ইমান গুৰুতৰ আৰু গুৰুত্বপূৰ্ণ বিধেয়ক এখনৰ ওপৰত গঠনমূলক পৰামৰ্শ আগবঢ়োৱাৰ পৰিৱৰ্তে বিৰোধীয়ে ৰাজনীতিত লিপ্ত হৈছে।’
মন্ত্ৰী সিঙে লগতে কয়, ‘বিৰোধী নেতাগৰাকীয়ে ব্যৱহাৰ কৰা ভাষাটো কেৱল অসংসদীয়ই নহয়, ইমানেই বেয়া আছিল যে মই ইয়াৰ পুনৰাবৃত্তিও কৰিব বিচৰা নাই। কোনোবাই যদি নিজকে শিক্ষিত আৰু সংসদীয় পৰম্পৰাৰ সৈতে পৰিচিত বুলি ভাবে তেন্তে তেওঁলোকে জনা উচিত যে সদনৰ ভিতৰত এনে ভাষা ব্যৱহাৰ কৰিব নোৱাৰি।’
তেওঁ আৰু কয় যে বিৰোধী দলৰ নেতাই দেশৰ যুৱক-যুৱতীক মূৰ্খ বুলি কোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। তেওঁ কয়, ‘জাতিটোৰ ভৱিষ্যতস্বৰূপ এই দেশৰ যুৱক-যুৱতীসকলক ‘মূৰ্খ’ বুলি কোৱাতকৈ আৰু দুৰ্ভাগ্যজনক কি হ’ব পাৰে।’


