প্ৰশান্ত কিশোৰৰ দলৰ ২০ গৰাকী নেতাক গ্ৰেপ্তাৰ

Published:

বাংকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰশান্ত কিশোৰ নেতৃত্বাধীন জন সুৰাজ পাৰ্টীৰ ২০ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছে পাটনা আৰক্ষীয়ে। বুধবাৰে সন্ধিয়া জন সুৰাজ পাৰ্টীৰ তৰফৰ পৰা জনাই যে আমাৰ দলৰ সৈতে জড়িত নেতা-কৰ্মীসকলক বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰিছে।

এই গ্ৰেপ্তাৰৰ পিছতেই দলটোৱে বাংকীপুৰ বিধান সভা সমষ্টিৰ আৰক্ষী অধীক্ষকলৈ লিখিছে এখন পত্ৰ। পত্ৰখনত উল্লেখ কৰা অনুসৰি, ‘১৮২ নং বাংকীপুৰ বিধান সভা সমষ্টিৰ জন সুৰাজৰ কৰ্মী, যিসকলে পৰিয়ালক সাক্ষাৎ কৰিবলৈ বা অন্য উদ্দেশ্যত পাটনাত আছে, তেওঁলোকক একপক্ষীয় কাৰ্য্যত ধাৰাবাহিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে।’

এই গ্ৰেপ্তাৰৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি জৰুৰী পদক্ষেপ লোৱাৰ আহ্বান জনাইছে দলটোৱে।

ইফালে, আজি দিনৰ ভাগত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধেও এক গোচৰ ৰুজু কৰা হৈছে। জেডিইউৰ মুখ্য মুখপাত্ৰ নীৰজ কুমাৰে পাটনাৰ শাস্ত্ৰী নগৰ থানাত এজাহাৰ দাখিল কৰে। নীতিশ কুমাৰৰ এটা ভিডিঅ’ এআই বুলি দাবী কৰাৰ পিছতে প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে জেডিইউয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। দিনৰ ভাগত তেওঁৰ বিৰুদ্ধে এজাহাৰ আৰু এতিয়া দলৰ নেতাসকলক কৰা গ্ৰেপ্তাৰে বিপদত পেলাইছে দলটোক।

POPULAR

RECENT ARTICLES

spot_img