পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূলৰ বিৰুদ্ধে বিদ্ৰোহ কৰা তিনিজন সাংসদ আবু তাহিৰ খান, ইউছুফ পাঠান আৰু খলিলুৰ ৰহমানে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। বৈঠকত তেওঁলোকে SIR আৰু লাউডস্পীকাৰ নিষেধাজ্ঞাৰ বিষয়টো উত্থাপন কৰে।
বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত তৃণমূলৰ বিৰুদ্ধে বিদ্ৰোহ কৰি এনচিপিআইত যোগদান কৰা ২০ জন সাংসদৰ ভিতৰত আবু তাহিৰ খান, ইউছুফ পাঠান আৰু খলিলুৰ ৰহমান অন্যতম। এনচিপিআইয়ে এনডিএক সমৰ্থন আগবঢ়াইছে। অৱশ্যে এনচিপিআইৰ সাংসদ হিচাপে অধ্যক্ষৰ পৰা এইসকল সাংসদে এতিয়াও অনুমোদন লাভ কৰা নাই।
শেহতীয়া বাতৰি অনুসৰি সংখ্যালঘু প্ৰধান সমষ্টিৰ পৰা জয়ী হোৱা আবু তাহিৰ খান, ইউছুফ পাঠান আৰু খলিলুৰ ৰহমান এন ডি এত অস্বস্তিত পৰিছে আৰু পুনৰ মমতা বেনাৰ্ শিৱিৰলৈ ঘূৰি আহিব পাৰে। অৱশ্যে এই জল্পনা-কল্পনাসমূহ এন চি পি আইৰ আন সাংসদসকলে খাৰিজ কৰে।
অমিত শ্বাহক সাক্ষাতৰ পিছতেই খলিলুৰ ৰহমানে কয়, ‘আমি দুটা বিষয়ত আলোচনা কৰিলোঁ। প্ৰথমে আমি অমিত শ্বাহক ক’লো যে এছ আই আৰ ন্যায়াধিকৰণত বিচাৰাধীন গোচৰসমূহ শীঘ্ৰে সমাধান হ’ব লাগে। তেওঁ লগতে কয়, ‘দ্বিতীয়তে, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলা উপাসনাস্থলী সমূহত লাউডস্পীকাৰ বজাবলৈ দিব লাগে।’
এই দাবী সন্দৰ্ভত তিনিওজন সাংসদে অমিত শ্বাহলৈ এখন পত্ৰও দাখিল কৰে। ইয়াত কোৱা হৈছে, ‘নিৰ্বাচনী তালিকাৰ পৰা নাম আঁতৰোৱা বহু সংখ্যক প্ৰকৃত ভোটাৰে ন্যায়াধিকৰণৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে। পলম হোৱা বাবেই পাছপ’ৰ্ট পৰীক্ষণ, ভূমি পঞ্জীয়ন, চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে।’
পত্ৰখনত কোৱা হৈছে যে, ‘আমি মন্ত্ৰালয়ক অনুৰোধ কৰিছো যে সকলো বিচাৰাধীন প্ৰকৃত গোচৰৰ নিষ্পত্তি ক্ষিপ্ৰতাৰে কৰি চলিত বৰ্ষৰ শেষৰ ফালে সম্পূৰ্ণ কৰক। অতিৰিক্ত ন্যায়াধিকৰণৰ বিচাৰপীঠ স্থাপন কৰিব লাগে। অভিযোগ নিৰীক্ষণৰ বাবে এক ব্যৱস্থা স্থাপন কৰিব লাগে।’


