ঘোষণা হ’ল নীতিন নবীনৰ নতুন টীম; চাওক কোনে লাভ কৰিলে কি দায়িত্ব

Published:

ভাৰতীয় জনতা পাৰ্টিৰ (BJP) ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নতুন ৰাষ্ট্ৰীয় দল বা কাৰ্যনিৰ্বাহক ঘোষণা কৰা হৈছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু বসুন্ধৰা ৰাজেক উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

উপাধ্যক্ষ পদত কোন কোন?

বসুন্ধৰা ৰাজে সিন্ধিয়া, তীৰথ সিং ৰাৱট, ৰাম মাধৱ, বৈজয়ন্ত জয় পাণ্ডা, ডী পুৰন্দেশ্বৰী, ৰেখা দৰ্মা, বৰ্ষাবেন নৰেন্দ্ৰভাই দোশী, ভাৰতী প্ৰবীণ পাৱাৰ, মনপ্ৰীত সিং বাদল, লাল সিং আৰ্য, প্ৰো এম নাগৰাজ, প্ৰো তাৰিক মঞ্চুৰ, ডাঃ মধুচন্দ্ৰ কৰ।

সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে বি এল সন্তোষক পুনৰবাৰ দায়িত্ব প্ৰদান কৰা হৈছে। সাংগঠনিক যুটীয়া সাধাৰণ সম্পাদকৰ দায়িত্ব শিৱপ্ৰকাশ আৰু সৌদান সিঙক প্ৰদান কৰা হৈছে।

সাধাৰণ সম্পাদক

বিনোদ তাৱৰে, সুনীল বাঞ্চল, বিপ্লৱ কুমাৰ দেৱ, স্মৃতি ইৰাণী, সতীশ পুনিয়া, গজেন্দ্ৰ পেটেল, হৰীশ দ্বিবেদী, সঞ্জয় ভাটিয়া।

ৰাষ্ট্ৰীয় সম্পাদক

কবিতা পাটিদাৰ, কে সুৰেন্দ্ৰন, ভোলা সিং, ডাঃ প্ৰদীপ বাৰ্মা, জগদীশ ঈশ্বৰভাই পেটেল, ডাঃ সন্দীপ পাঠক, ফাংনোন কন্যাক, সংগীতা যাদৱ, অনিল এণ্টনি, ডাঃ এম ভেংকেটেশন, মনোজ টিগ্গা, সিদ্ধাৰ্থ শম্ভু, ডাঃ স্বদেশ সিং, মৃগাংক দেৱ বৰ্মন, ৰোহন গুপ্তা আৰু জয় প্ৰকাশ।

ৰাষ্ট্ৰীয় কোষাধ্যক্ষ পদত পুনৰবাৰ কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেলকে নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰীয় সহঃকোষাধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে ৰাজেশ মংগলক। ইফালে উত্তৰ-পূবৰ সমন্বয়কৰ দায়িত্ব দিয়া হৈছে সম্বিত পাত্ৰক। ৰাজীৱ বব্বৰক দিয়া হৈছে সহঃসমন্বয়কৰ দায়িত্ব।

যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্ত ড০ হেমাংগ যোশী। মহিলা মৰ্চাৰ দায়িত্ব ৰূপ কুমাৰী চৌধুৰীক। OBC মৰ্চাৰ অধ্যক্ষ হিচাপে নিযুক্তি অমল পাল মৌর্যক। বংশীলাল গুৰজ্জৰক কিষাণ মৰ্চাৰ দায়িত্ব অৰ্পণ। SC মৰ্চাৰ দায়িত্ব অর্পণ শিৱ কুমাৰ ৰামক। ST মৰ্চাৰ অধ্যক্ষ হিচাপে নিযুক্তি মান্নালাল ৰাৱাটক। কুম্বৰ বাছিত আলীক দিয়া হৈছে সংখ্যালঘু মৰ্চাৰ সভাপতিৰ দায়িত্ব।

উপ-সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক, মুখপাত্ৰৰ তালিকাত যুৱক-যুৱতী আৰু মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হৈছে। অহা বছৰৰ আৰম্ভণিতে বিধানসভা নিৰ্বাচন হ’বলগীয়া উত্তৰ প্ৰদেশৰ কেইবাজনো নেতাক নীতিন নবীনৰ দলত অন্তৰ্ভুক্ত কৰিছে বিজেপিয়ে।

POPULAR

RECENT ARTICLES

spot_img