শ্বিলং কাণ্ডক লৈ শৃংখলৰ হুংকাৰ… ক’লে, ‘অসমীয়া জাতি মাৰ খাই বহি থকা জাতি নহয়’

Published:

বুধবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙত প্ৰতিবাদৰ নামত খাচী ছাত্ৰ সন্থা (KSU)ই অসমৰ বাহন আৰু পৰ্যটকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ পিছতে উত্তপ্ত হৈ পৰিছে অসম-মেঘালয়ৰ সীমান্ত যোৰাবাট।

আজি অসমৰ চালক সন্থা আৰু কেব ড্ৰাইভাৰসকলে স্বতঃস্ফুৰ্তভাৱে ওলাই আহি যোৰাবাটত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। অসমৰ প্ৰতিবাদাকাৰীয়ে জয় আই অসম ধ্বনিৰে কঁপাই তুলিছে যোৰাবাট।

বুধবাৰৰ ঘটনাৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদত অসমৰ চালক সন্থাই মেঘালয়ৰ পৰা অহা গাড়ীসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই। উচিত ন্যায় নোপোৱা পৰ্যন্ত মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহন কোনো কাৰণতে অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।

বৃহস্পতিবাৰে ৰাতিপুৱাৰে পৰা সাব্যস্ত কৰি থকা প্ৰতিবাদকাৰীৰ সমৰ্থনত ওলাই আহে বীৰ লাচিত সেনাৰ শীৰ্ষ পৰ্যায়ৰ নেতা শৃংখল চলিহা। যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ শৃংখল চলিহাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক কঠোৰ সকীয়নি প্ৰদান কৰে।

আমাৰ সাংবাদিকৰ আগত মন্তব্য কৰি শৃংখল চলিহাই কয়, ‘অসমীয়া জাতি মাৰ খাই বহি থকা জাতি নহয়, আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হ’বই। সমগ্ৰ বিষয়টোৰ প্ৰকৃত সমাধান নোলোৱালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব।’

ইফালে প্ৰতিবাদে তীব্ৰতৰ ৰূপ ধাৰণ কৰাৰ পিছতে যোৰাবাটাত মোতায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও প্ৰতিবাদকাৰীয়ে কোনো কাৰণতে খাচী ছাত্ৰ সন্থাই প্ৰতিবাদৰ নামত কৰা নিৰ্যাতনক সহজভাৱে মানি ল’ব বিচৰা নাই।

উল্লেখ্য যে, বুধবাৰে খাচী ছাত্ৰ সন্থাই সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত মুখত ক’লা কাপোৰ বন্ধা একাংশ প্ৰতিবাদকাৰীয়ে অসমৰ পৰা যোৱা পৰ্যটকৰ ওপৰত বৰ্বৰতাৰে আক্ৰমণ কৰিছিল। কেৱল এয়াই নহয় প্ৰতিবাদকাৰীয়ে বাচি বাচি অসমৰ কেইবাখনো পঞ্জীয়নভুক্ত বাহন ভাঙি লণ্ড-ভণ্ড কৰিছিল।

POPULAR

RECENT ARTICLES

spot_img