অশান্ত জৰ্জৰ মণিপুৰত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ইম্ফল-টামেই পথত সন্দেহযুক্ত কুকি বিদ্ৰোহী সংগঠনে নগা লোকক লক্ষ্য কৰি চলালে নিৰ্বিচাৰ গুলীচালনা। ঘটনাত ৫ গৰাকী নগা লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হৈছে।
বৃহস্পতিবাৰে কাংপোকপি আৰক্ষী থানাৰ অন্তৰ্গত মাকুই আচাং আৰু থানাবা নাগা অঞ্চলৰ মাজত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে।
এই নিৰ্মম ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাগা সংগঠনৰ এগৰাকী শীৰ্ষ নেতা উইলুবাউ নিউমাই অভিযোগ কৰে যে সশস্ত্ৰ কুকি সংগঠনে সাধাৰণ লোকৰ ওপৰত এই আক্ৰমণ কৰিছে।
ইফালে এই ঘটনাৰ পিছতে নাগা পিপল’ছ অৰগানাইজেশ্যনে এই গণহত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সেনাপতি জিলাৰ সদৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।
উখৰুল জিলাৰ টাংখুল নগা আৰু কুকি-জো জনগোষ্ঠীৰ লোকৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ফেব্ৰুৱাৰী মাহৰ পৰা মণিপুৰত কুকি আৰু নগাৰ মাজত উত্তেজনা তীব্ৰতৰ হৈ পৰে। উত্তেজনা সৃষ্টি হোৱাৰ পাছৰে পৰা দুয়োটা সম্প্ৰদায়ৰ কমেও ৩০ জন লোকৰ মৃত্যু হৈছে।
উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহত মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘটিত জাতিগত সংঘৰ্ষৰ পিছৰে পৰা এই পৰ্যন্ত কমেও ২৬০ জন লোক নিহত হোৱাৰ লগতে ৫৯ হাজাৰৰো অধিক লোক গৃহহীন হৈছে।


