অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধানৰ দাবীত যোৰহাটত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP), যোৰহাট জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।
যোৰহাট নগৰৰ মাজ মজিয়াত সংগঠনটোৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী। প্ৰতিবাদকাৰীসকলে বানপানী আৰু গৰাখহনীয়াৰ ফলত ৰাজ্যৰ জনসাধাৰণে সন্মুখীন হোৱা দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ দাবী জনায়।
প্ৰতিবাদত অংশ লোৱা সংগঠনটোৰ এগৰাকী নেতাই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয়, ‘স্বাধীনতাৰ পিছৰে পৰা অসমৰ লাখ-লাখ জনতাই এই সমস্যাত ভুগি আছে। কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই দীৰ্ঘদিনীয়া এই সমস্যা সমাধান হোৱা নাই। নিৰ্বাচনৰ সময়ত ডিঙিত গামোচা লৈ ভোট ভিক্ষা কৰিলে নহ’ব, অসমৰ বিপদৰ সময়ত সহায় কৰিব লাগিব।’
অসমৰ বান-গৰাখহনীয়া সমস্যাক কেৱল সাময়িক সাহায্য প্ৰদানৰ জৰিয়তে সমাধান কৰিব নোৱাৰি, ইয়াৰ বাবে এক সুপৰিকল্পিত আৰু স্থায়ী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।
Input : প্ৰশান্ত গায়ন (যোৰহাট)


