কিৰ্গিস্তানত অনুষ্ঠিত এছ চি অ’ শীৰ্ষ সন্মিলনৰ সময়ত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পূৰ্বে ২০২৪ চনত ৰাছিয়াৰ কাজানত অনুষ্ঠিত BRICS সন্মিলনৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত সাক্ষাত হৈছিল।
ইৰাণ আৰু ভাৰতে পশ্চিম এছিয়াৰ সংঘাতৰ সময়কে ধৰি বহুবাৰ নিয়মিতভাৱে মত বিনিময় কৰি আহিছে। সংঘাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত সদায় ইৰাণৰ বন্ধু হৈ থাকিব বুলি স্পষ্টভাৱে মন্তব্য কৰিছিল। উল্লেখ্য যে, অহা মাহত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবে পেজেস্কিয়ানে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ইৰাণ-আমেৰিকাৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইৰাণৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ এইখন প্ৰথম দ্বিপাক্ষিক বৈঠক। দুয়োজন নেতাৰ মাজত কি আলোচনা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে ইৰাণে হৰমুজ জলদ্বীপত অৱৰোধ কৰাটো আলোচনাৰ বিষয় হ’ব পাৰে।
এছ চি অ’ শীৰ্ষ সন্মিলনত ১৭খন দেশৰ নেতা
কিৰ্গিস্তানৰ ৰাজধানী বিশকেকত অনুষ্ঠিত হৈছে এছ চি অ’ৰ সন্মিলন। ১৭খন দেশৰ নেতা আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছেও অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাছিনিয়ানৰ সৈতেও সাক্ষাৎ কৰে।
ইৰাণৰ দূতাবাসেও শ্বেয়াৰ কৰিছে পোষ্ট
ভাৰতত থকা ইৰাণৰ দূতাবাসৰ অফিচিয়েল ‘এক্স’ একাউণ্টত প্ৰধানমন্ত্ৰী মোদী আৰু ইৰাণৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা বৈঠকৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছকিয়ানে কিৰ্গিস্তান ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়।’


