ৰাম মন্দিৰে লাভ কৰিলে প্ৰথমগৰাকী CEO। ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ প্ৰথমগৰাকী CEOৰূপে নিযুক্তি দিয়া হৈছে বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ মিশ্ৰক। ইয়াৰ পূৰ্বে ৰাম মন্দিৰ তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত মহেশ ভাগচন্দকা, মদন মোহন পাণ্ডে আৰু নিৰ্মলা যাদৱক ট্ৰাষ্টৰ তিনিজনীয়া সদস্য হিচাপে ঘোষণা কৰিছিল।
এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ শৰ্মা মিশ্ৰ?
এয়াৰ মাৰ্শ্বাল জীতেন্দ্ৰ মিশ্ৰ ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া যিয়ে ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ সংহত (ইণ্টিগ্ৰেটেড) প্ৰতিৰক্ষা ষ্টাফ (অপাৰেচন)ৰ উপ-মুখ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ সংহত প্ৰতিৰক্ষা ষ্টাফৰ ডক্ট্ৰিন, সংগঠন আৰু প্ৰশিক্ষণৰ উপ-মুখ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
মিশ্ৰ খাদকৱাছলাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু দুণ্ডিগালৰ বায়ুসেনা একাডেমীৰ প্ৰাক্তন ছাত্ৰ। ইয়াৰ উপৰি তেওঁ বায়ুসেনাৰ টেষ্ট পাইলট স্কুল, আলাবামাৰ মণ্টগোমৰীৰ এয়াৰ কমাণ্ড এণ্ড ষ্টাফ কলেজ আৰু ৰয়েল কলেজ অৱ ডিফেন্স ষ্টাডিজৰ প্ৰাক্তন ছাত্ৰ।
১৯৮৬ চনৰ ৬ ডিচেম্বৰত বায়ুসেনা একাডেমীৰ পৰা ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ ষ্ট্ৰীমত নিযুক্তি লাভ কৰা মিশ্ৰই ৩৮ বছৰতকৈও অধিক সময়ৰ কেৰিয়াৰত ৩ হাজাৰ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা লাভ কৰিছে। তেওঁ ১৮ ধৰণৰ যুঁজাৰু বিমান, পৰিবহণ বিমান, হেলিকপ্টাৰ আদি উৰুৱাইছে।


