শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰ কৰি বৰ্খাস্ত হ’ল দুজনকৈ ছাত্ৰ। কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ দুজন ছাত্ৰক ১০ দিনৰ বাবে মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰা হ’ল।
মহাবিদ্যালয়খনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰ শুভ চাও আৰু স্নাকত প্ৰথম ষাণ্মাসিক, বিজ্ঞানৰ ছাত্ৰ মনিৰুল হকৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।
বি এইচ কলেজৰ অধ্যক্ষৰ স্বাক্ষৰিত এখন জাননীত উল্লেখ কৰা হৈছে কলেজ চৌহদত মোবাইলৰ ব্যৱহাৰ আৰু ৰীলছ বনোৱাৰ অপৰাধত শুভ চাও (উঃ মাঃ ১ম বৰ্ষ) আৰু মনিৰুল হক (স্নাতক ১ম ষাণ্মাসিক, বিজ্ঞান)ক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা ১০ দিনলৈ কলেজৰ পৰা বৰ্খাস্ত কৰা হৈছে।
জাননীত লগতে উল্লেখ কৰা হৈছে যে ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হ’ল যে ভৱিষ্যতে কলেজত মোবাইলৰ ব্যৱহাৰ, ৰীলছ বনোৱাৰ অপৰাধত কোনোৱে অভিযুক্ত হ’লে তেওঁলোকৰ ওপৰত ইয়াতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, সম্প্ৰতি শিক্ষানুষ্ঠানত মোবাইল ব্যৱহাৰৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। কৰ’ণা মহামাৰীৰ সময়ত স্তব্ধ হৈ পৰা পাঠদান সহজলভ্য কৰাৰ উদ্দেশ্যে দেশজুৰি স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাতত গুজি দিয়া হ’ল মোবাইল। যিসকলে তাৰ আগলৈকে মোবাইলৰ ব্যৱহাৰ নাজানিছিল, সেইসকলেও বাধ্যত পৰি মোবাইলৰ জৰিয়তে পাঠ গ্ৰহণ কৰিব লগা হৈছে। গোটেই দিনটো কেৱল মোবাইলৰ লগত লাগি থাকি বহুত শিশুৱে এতিয়া মোবাইল অবিহনে আন একোৱেই কৰিব নিবিচাৰে। মোবাইলটো যেনেদৰে বহু উপকাৰী ঠিক তেনেদৰে বহু অপকাৰীও। শিক্ষাৰ্থীসকলে এই ভাল-বেয়াৰ পাৰ্থক্য বুজিবলৈ অক্ষম হোৱাৰ ফলত বহু শিক্ষাৰ্থী আজি বিপথে পৰিচালিত হোৱা দেখা গৈছে।


