ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰে EOS-05। এইটো হ’ল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ। এই উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰে ভাৰতীয় গৱেষণা প্ৰতিষ্ঠানটোৱে।
সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা এই উৎক্ষেপণ কৰা হয় । ভাৰতৰ জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (GSLV)ৰ ১৯ সংখ্যক উৰণ জিএছএলভি-এফ১৭ ৰকেটে ইঅ’এছ-০৫ ক লৈ উপ-জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথ (ছাব-জিটিঅ’)ৰ দিশে যাত্ৰা কৰে । ভাৰতীয় সময় অনুসৰি ৪ ছেপ্টেম্বৰৰ মাজ নিশা ২.৫৫ বজাত এই উৎক্ষেপণ সম্পন্ন হয় ।
ইছৰোৰ সফলতাত সুখী অধ্যক্ষ ভি নাৰায়ণন
শুকুৰবাৰে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে কয় যে জি এছ এল ভি-এফ ১৭ বাহনখনে জিঅ’-ইমেজিং ষ্টাৰ উপগ্ৰহ এডভান্সড আৰ্থ অবজাৰ্ভেচন চেটেলাইট-০৫ (EOS-০৫)ক নিজৰ নিৰ্দিষ্ট কক্ষপথত সফলতাৰে আৰু সঠিকভাৱে স্থাপন কৰিছে ।
মহাকাশ কেন্দ্ৰত অভিযানৰ সফলতা ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে নাৰায়ণনে কয়, “মই এই কথা জনাই অতি সুখী যে জি এছ এল ভি-এফ ১৭ বাহনখনে এডভান্সড আৰ্থ অবজাৰ্ভেচন চেটেলাইট ০৫ নামৰ জিঅ’ ইমেজিং উপগ্ৰহটোক নিৰ্দিষ্ট কক্ষপথত সফলতাৰে আৰু সঠিকভাৱে স্থাপন কৰিছে ।’’
নাৰায়ণনে এই সফল অভিযানৰ কৃতিত্ব সমগ্ৰ ইছৰো দল, ইয়াৰ ঔদ্যোগিক অংশীদাৰ আৰু শৈক্ষিক সমাজৰ উমৈহতীয়া প্ৰচেষ্টাক প্ৰদান কৰে । উৎক্ষেপণৰ পিছত সংবাদমেল সম্বোধন কৰি ইছৰোৰ মুৰব্বীগৰাকীয়ে এই কথাও উল্লেখ কৰে যে মহাকাশ সংস্থাটোৱে চলিত বিত্তীয় বৰ্ষত আৰু ছটা উৎক্ষেপণৰ লক্ষ্য লৈছে ।
ইছৰোক অভিনন্দন বিভাগীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ
ইছৰো আৰু এই অভিযানৰ লগত জড়িত বিজ্ঞানীসকলক প্ৰশংসা কৰি মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে X ত লিখিছে, ‘‘মহাকাশত ভাৰতে ৰচিলে আন এক বৃহৎ সাফল্য ! GSLV-F17/EOS-05 ৰ সফল উৎক্ষেপণৰ বাবে Team @isro লৈ অভিনন্দন ৷ ইঅ’এছ-০৫ হৈছে এক অত্যাধুনিক পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ আৰু জিঅ’চিনক্ৰ’নাছ কক্ষপথৰ পৰা ভাৰতৰ প্ৰথম ইমেজিং উপগ্ৰহ, যিয়ে দৃশ্যমান, অতি ৰঙা, বহু-বৰ্ণালী আৰু হাইপাৰস্পেকট্ৰল বেণ্ডসমূহৰ মাজেৰে উন্নত ইমেজিং সক্ষম কৰি তোলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ দ্বাৰা ভাৰতৰ মহাকাশ ক্ষমতাই নতুন উচ্চতা বৃদ্ধি কৰিছে, যাৰ ফলত বিশ্বব্যাপী মহাকাশ শক্তি হিচাপে আমাৰ স্থিতি সুদৃঢ় হৈছে ।’’
গৌৰৱৰ মুহূৰ্ত : প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশৰ প্ৰথমটো ইমেজিং উপগ্ৰহ কক্ষপথত সফল উৎক্ষেপণৰ প্ৰশংসা কৰি কয় যে এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । শুকুৰবাৰে পুৱা জি এছ এল ভি ৰকেটত ২৩০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ পেলোডটোক নিখুঁতভাৱে কক্ষপথত স্থাপন কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সফলতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিলে ।
শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ই অ’এছ-০৫ কঢ়িয়াই অনা জিএছএলভি-এফ১৭ৰ সফল উৎক্ষেপণ কাৰ্যক প্ৰশংসা কৰি ভাৰতৰ মহাকাশ যাত্ৰাৰ আন এক উল্লেখযোগ্য অগ্ৰগতি বুলি অভিহিত কৰে আৰু দেশৰ পৃথিৱী-পৰ্যবেক্ষণ ক্ষমতাত উপগ্ৰহটোৰ অৱদানৰ ওপৰত আলোকপাত কৰে ।
এই অভিযান জিএছএলভি কাৰ্যসূচীৰ বাবেও এক উল্লেখযোগ্য উৰণ ৷ ইয়াক গধুৰ মহাকাশযানক জিঅ’চিংক্ৰ’নাছ কক্ষপথলৈ নিক্ষেপ কৰিবলৈ ডিজাইন কৰা হৈছে । ইয়াৰ পূৰ্বৰ জিএছএলভি মিছন জিএছএলভি-এফ১৬ এ ২০২৫ চনৰ জুলাই মাহত নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ (নিছাৰ) উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰিছিল ।
জিএছএলভি-এফ১৭ৰ সফল উৎক্ষেপণৰ লগে লগে ইছৰোৱে পুনৰবাৰ নিজৰ জিএছএলভি প্লেটফৰ্মৰ সামৰ্থ্য প্ৰদৰ্শন কৰি ভাৰতৰ পৃথিৱী পৰ্যবেক্ষণ কাৰ্যসূচীক আগুৱাই লৈ গৈছে ।


